বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Neighbours  / Bangladesh  / ৰাইজৰ কাম কৰক

ৰাইজৰ কাম কৰক

ৰাইজক মৰম কৰক,ৰাইজৰ হৈ কাম কৰক ,ৰাইজৰ বাবে কৰক

ঢাকা, ৫ ডিচেম্বৰ — বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই শনিবাৰে দেশখনৰ সীমান্ত বাহিনীক দেশৰ আৰু ৰাইজৰ প্ৰতি মৰম তথা আন্তৰিকতাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী গৰাকীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ ৯৫ সংখ্যক দীক্ষান্ত সমাৰোহত  ভিডিঅ’ কণফাৰেঞ্চ যোগে তেওঁৰ নিজৰ চৰকাৰী বাসভৱন ‘গণ আবাসন’ৰ পৰা এই আহ্বান জনায়। প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাইজৰ হৈ, ৰাইজৰ হকে আৰু ৰাইজক ভাল পাই দেশৰ প্ৰতি সেৱা আগবঢ়াবলৈ এই বাহিনীটোৰ সদস্যসকলক আহ্বান জনায়। এই সংক্ৰান্তত প্ৰধানমন্ত্ৰী গৰাকীয়ে ১৯৭৪ ৰ ৫ ডিচেম্বৰত তেওঁৰ দেউতাক  আৰু বাংলা বন্ধু বুলি জনাজাত শ্বেইখ মজিবুৰ ৰহমানে এই সীমান্ত বাহিনীৰ তিনি নম্বৰ দীক্ষান্ত সমাৰোহত আগবঢ়োৱা বক্তৃতাৰ কথা ৰোমন্থন কৰে । সেই বক্তৃতাত বংগ বন্ধু শ্বেইখ  মজিবুৰ ৰহমানে বাহিনীৰটোৰ ওপৰত ন্যস্ত কৰা এক মহান দায়িত্ব আৰু কৰ্তব্যৰ কথা উল্লেখ কৰিছিল আৰু কৈছিল ” আগন্তুক দিনত এই বাহিনীয়ে যাতে দেশখনত চোৰাং কাৰবাৰ বন্ধ কৰিব বুলি তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে ।

চোৰাং ব্যৱসায়ী সকলৰ কোনো ধৰ্ম নাই,জাতি নাই আৰু মানুহৰ ৰূপত তেওঁলোক জন্তু বুলি বাংলা বন্ধু শ্বেইখ মজিবুৰ ৰহমানে সেই সময়ত সীমান্ত নিৰাপত্তা বাহিনীক আহ্বান জনাইছিল। দেশখনৰ পিতৃ স্বৰূপ আৰু তেওঁৰ পিতৃৰ এই বাণী আগন্তুক দিনত সৰোগত কৰি বাংলাদেশৰ সীমান্ত বাহিনীয়ে কৰ্তব্য সম্পাদন কৰিব বুলি প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই  আশা প্ৰকাশ কৰে।