দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Agriculture  / আইনখন বোলে ভাল !

আইনখন বোলে ভাল !

চৰকাৰৰ দ্বাৰা নতুন কৃষি আইনৰ সপক্ষে প্ৰচাৰ

নতুন দিল্লী,৬ডিচেম্বৰ : দিল্লীকে ধৰি দেশৰ বিভিন্ন অঞ্চলত নতুন কৃষি আইনৰ বিপক্ষে প্ৰতিবাদ সাব্যস্ত হোৱাৰ মাজতে এইবাৰ কেন্দ্ৰীয় চৰকাৰে এই আইন যে প্ৰকৃততে কৃষকৰ বাবে হিতকৰ ,তাকে প্ৰতিপন্ন কৰিবলৈ প্ৰচাৰ চলোৱা দেখা গৈছে ৷

এই প্ৰচাৰৰ যোগেদি কিয় বৰ্তমানৰ কৃষি আইনে মাত্ৰ ৬ শতাংশ কৃষকৰহে উপকাৰ সাধন কৰি আছে  কিয় ৯৪শতাংশ কৃষকৰ উপকাৰ হোৱা নাই,তাক বুজাবলৈ চেষ্টা কৰিছে ৷ তাৰোপৰি বিতৰ্কিত এম এছ পি পূৰ্বৰ দৰেই বাহাল থাকিব তথা কৃষকসকলৰ সামগ্ৰী বিক্ৰী কৰিবলৈ অতিৰিক্ত ব্যৱস্থাহে কৰা হৈছে,তাকো প্ৰচাৰ অভিযানৰ যোগেদি বুজাবলৈ চেষ্টা কৰা হৈছে ৷

পুঁজিপতি বণিয়া গোষ্ঠীৰ হিতৰ বাবে নহয়,বৰঞ্চ কৃষকৰ হিতৰ বাবেহে নতুন আইন প্ৰণয়ন কৰা হৈছে তাকো প্ৰচাৰৰ জৰিয়তে বুুুুজাব বিচৰা হৈছে ৷

কৃষকৰ ভূমি অধিগ্ৰহণ কৰি কৃষকক নিজৰ ভূমিতে শ্ৰমিক কৰিবলৈ এই আইনে চেষ্টা কৰা নাই বুলিও প্ৰচাৰ চলোৱা হৈছে ৷ কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে শনিবাৰে কৃষকৰ হিতৰ বাবে চৰকাৰ দায়বদ্ধ বুলি দোহাৰি কয় যে ইতিমধ্যে কৃষকৰ হিতৰ বাবে চৰকাৰে যথেষ্ট পদক্ষেপ লৈছে ৷ (IANS)