সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / চিকিৎসক হ’বলৈ যোগীৰ ওচৰলৈ যাওক !

চিকিৎসক হ’বলৈ যোগীৰ ওচৰলৈ যাওক !

উত্তৰ পূব এতিয়া চিকিৎসা বিজ্ঞানৰ হাব

লক্ষ্ণৌ, ৬ডিচেম্বৰ : সমগ্ৰ দেশৰ ভিতৰতে চিকিৎসা বিদ্যাৰ এক অন্যতম আকৰ্ষণীয় কেন্দ্ৰলৈ পৰিণত হৈছে উত্তৰ প্ৰদেশ ৷ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসা মহাবিদ্যালয় সমূহত আসন বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ পিছতে উত্তৰ প্ৰদেশত চিকিৎসা বিদ্যাৰ বাবে সৰ্বাধিক আসন আছে ৷

মাত্ৰ তিনি বছৰত ৫,১০০ এম বি বি এছ আসনৰ সংখ্যা বৃদ্ধি হৈ বৰ্তমান ৰাজ্যখনত ৭,১৫০ খন আসন হৈছে ৷ ইয়াৰ বিপৰীতে কণাৰ্টকত ৮,৮৪৫ খন আসন আৰু মহাৰাষ্ট্ৰত ৭,২৭০ খন আসন আছে ৷

গোৰখপুৰ আৰু ৰাইবেৰিলীত এইমচ স্থাপন কৰাৰ ফলত চিকিৎসাশাস্ত্ৰ অধ্যয়ন কৰা ছাত্ৰছাত্ৰী সকল বহু পৰিমাণে লাভৱান হৈছে ৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ তৎপৰতাত ৰাজ্যখনত চিকিৎসা বিদ্যাৰ প্ৰসাৰৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

২০১৬ বৰ্ষত মাত্ৰ ১২ খন চিকিৎসা মহাবিদ্যালয় থকাৰ বিপৰীতে সদ্যহতে এই সংখ্যা  নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ ফলত ২৮ খন  হৈছেগৈ৷তাৰোপৰি ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ যোগেদি আগন্তুক দিনত আসনৰ সংখ্যা ৯,০০০ পৰা ১০,০০০ হ’ব বুলি এক চৰকাৰী সুত্ৰই জানিবলৈ দিছে ৷ আনহাতে পেৰা মেডিকেল আসনৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো উত্তৰ প্ৰদেশ চৰকাৰে গুৰুত্ব আৰোপ কৰিছে ৷ (IANS)