সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / প্ৰথম ভেকচিন দিব মধুমেহ ৰোগীক

প্ৰথম ভেকচিন দিব মধুমেহ ৰোগীক

মধুমেহ ৰোগীৰ বাবে ক’ভিড অত্যন্ত শংকাৰ কাৰণ

নিউয়ৰ্ক ,৬ডিচেম্বৰ — ক’ভিড১৯ মহামাৰীৰ প্ৰতিষেধক আবিস্কাৰ হোৱাৰ লগে লগে প্ৰথমাৱস্থাত কাক এই প্ৰতিষেধক দিয়া হ’ব ,তাক লৈ বিশেষজ্ঞ সকলৰ মাজত চিন্তা চৰ্চা চলিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষক সকলে ইতিমধ্যে দেশৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক নেতাসকলক যি সকলৰ মধুমেহ ৰোগ আছে বা যি সকল লোক ইতিমধ্যেই ক’ভিড১৯ ৰোগত সংক্ৰমিত হৈছে, তেওঁলোকক প্ৰথম পৰ্যায়ত এই প্ৰতিষেধক দিবলৈ পৰামৰ্শ আগবঢ়াইছে।

কাৰণ এই সকল লোক আন সকল লোকতকৈ পুনৰ আক্রান্ত  হোৱাৰ যথেষ্ট সম্ভাৱনা আছে বুলি বিশেষজ্ঞসকলে আশংকা কৰিছে ৷

বিশেষকৈ যিসকল লোকৰ টাইপ টু ডায়েবেটিছ আছে, তেওঁলোকৰ ক’ভিড১৯ ত আক্ৰান্ত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু লগতে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ যথেষ্ট সম্ভাৱনা থকাত তেওঁলোকক  প্ৰথম পৰ্যায়ত এই প্ৰতিষেধক দিবলৈ আহ্বান জনোৱা হৈছে।

টেনিছিৰ ভাণ্ডাৰভল স্বাস্থ্য বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক জাষ্টিন গ্ৰেগৰীয়ে  সংবাদ মাধমক কয় ” টাইপ টু আৰু তাৰ পিছৰ পৰ্যায়ৰ টাইপ ৱান ডায়েবেটিক ৰোগীক ক’ভিড১৯ৰ প্ৰতিষেধক দিয়াটো অতি প্ৰয়োজনীয়। কাৰণ তেওঁলোকৰ হৃদযন্ত্ৰ বা হাওফাঁও সংক্ৰমণ হোৱাৰ যথেষ্ট  সম্ভাৱনা আছে”।

এই  দলটোৱে ইতিমধ্যে  ৬,০০০ আক্রান্ত ৰোগীৰ তথ্য পৰীক্ষা  কৰি এই সিদ্ধান্তত উপনীত হৈছে ।

তেওঁলোকে ৰোগী সকলৰ আগৰ চিকিৎসা বৃত্তান্ত আৰু টেলিফোন যোগে কথা বতৰা হোৱাৰ পিছত মধুমেহ ৰোগীসকল যাতে ক’ভিড১৯ সংক্ৰমণ তথা স্বাস্থ্যজনিত সমস্যাত নপৰে, তাৰবাবে এই সিদ্ধান্তত উপনীত হৈছে।

‘আমেৰিকান ডায়েবেটিচ এছ’চিয়েছনৰ’ দ্বাৰা প্ৰকাশিত এটা প্ৰবন্ধত গ্ৰেগৰীয়ে কয় যে যিসকল লোকৰ টাইপ ৱান ডায়েবেটিচ আছে, তেওঁলোকৰ বৰ বেছি চিন্তাৰ কাৰণ নাই। কিন্তু তথাপিও তেওঁলোকে সতৰ্কতা মানি চলা উচিত ।

আমি সকলোৱেই হাত পৰিস্কাৰ কৰি ৰখা আৰু এজনে আনজনৰ পৰা অন্ততঃ ৬ ফুট দূৰত্ব মানি চলা উচিত । তাৰ উপৰিও ঘৰৰ বাহিৰত পৰাপক্ষত কম সময় থকা উচিত আৰু এই ধৰণৰ সতৰ্কতা মানি চলিলেহে ক’ভিড১৯ ৰোধ প্ৰতিৰোধ কৰিব পৰা যাব বুলি গ্ৰেগৰীয়ে এই প্ৰবন্ধটোত উল্লেখ কৰিছিল। (IANS)