সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বঁটা-বাহন ঘূৰাই দিব বক্সাৰ বীজেন্দ্ৰই

বঁটা-বাহন ঘূৰাই দিব বক্সাৰ বীজেন্দ্ৰই

বক্সাৰ বীজেন্দ্র সিঙৰ কৃষকৰ আন্দোলনলৈ সমৰ্থন

নতুন দিল্লী, ৬ ডিচেম্বৰ– প্ৰতিবাদকাৰী কৃষক সকলৰ প্ৰতি সমৰ্থন আগবঢ়াই প্ৰখ্যাত বক্সাৰ বীজেন্দ্র সিঙে দেওবাৰে কয় যে যদি কৃষক সকলৰ দাবী মানি লোৱা নহয়, তেন্তে তেওঁ সকলো  পদক চৰকাৰক ঘূৰাই দিব।

২০০৮ চনত বেইজিং অলিম্পিকত বীজেন্দ্র সিঙে তামৰ পদক অৰ্জন কৰিছিল আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সফলতা লাভ কৰিছিল। বীজেন্দ্র সিঙৰ লগতে বহুসংখ্যক  পাঞ্জাৱৰ খেলুৱৈয়ে ইতিমধ্যে প্ৰতিবাদকাৰী কৃষক সকলক সমৰ্থন জনাইছে।

প্ৰতিবাদকাৰী কৃষক সকলৰ প্ৰতি সমৰ্থন আগবঢ়াই বীজেন্দ্র সিঙে কয় যে তেওঁৰ জন্মভূমি চনিপথ মল্লযোদ্ধাৰ বাবে বিখ্যাত আৰু পাঞ্জাৱৰ ভাতৃ সকলে যেতিয়া নিজৰ অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আছে ,এই সময়ত তেওঁ মৌন হৈ থাকিব নোৱাৰে।

উল্লেখযোগ্য যে অলিম্পিকত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় বক্সাৰ বীজেন্দ্ৰ সিং ৷ ইতিমধ্যে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্নৰে বক্সাৰজনক সন্মানিত কৰা হৈছে ।

২০০৯ চনত বীজেন্দ্র সিঙক খেল ৰত্নৰে সন্মানিত কৰা হয় ৷ প্ৰখ্যাত খেলুৱৈজনে আশা প্ৰকাশ কৰে যে অতি শীঘ্ৰে প্ৰতিবাদকাৰী কৃষকসকলৰ দাবী চৰকাৰে মানি ল’ব ,কাৰণ তেওঁলোকে অত্যন্ত কষ্ট আৰু প্ৰচণ্ড শীতৰ মাজত যোৱা ১১ দিনে ৰাস্তাত প্ৰতিবাদ কৰি আছে।

বীজেন্দ্র সিঙৰ ওপৰিও অৰ্জুন পদক অৰ্জন কৰা ৰাজবীৰ কৌৰ, কৰণাইল সিং, যশপাল সিং আৰু ধ্যানচ্যাঁদ পুৰস্কাৰেৰে  সন্মানিত অজিত সিঙে  সীমান্তত  প্ৰতিবাদকাৰী কৃষক সকলক সাক্ষাৎ  কৰে আৰু তেওঁলোকৰ আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়ায় ৷ (IANS)