মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বাছ বন্ধ কৰিলে পৰিবহন বিভাগে

বাছ বন্ধ কৰিলে পৰিবহন বিভাগে

কৃষকৰ প্ৰতিবাদৰ বাবে উত্তৰ প্ৰদেশ পৰিবহন নিগমৰ বাছ সেৱা বাতিল

লক্ষ্ণৌ,৬ ডিচেম্বৰ:উত্তৰ প্ৰদেশ ৰাজ্যিক পৰিবহন নিগমে ইয়াৰ অধীনত ৰাজধানী দিল্লীলৈ চলা সকলো ধৰণৰ বাছ সেৱা সাময়িকভাৱে বাতিল কৰিছে ৷পৰিবহন নিগমৰ এই সিন্ধান্তই সাধাৰণ জনতাৰ যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব ৷পৰিবহন নিগমৰ তৰফৰপৰা জনোৱা হৈছে যে যিসকল ব্যক্তিয়ে আগতীয়াকৈ টিকটৰ বুকিং কৰিছিল,তেওঁলোকক বুকিঙৰ ধন ঘূৰাই দিয়া হ’ব ৷ উল্লেখযোগ্য যে আগ্ৰা আৰু দিল্লীৰ মাজত  প্ৰতি দিনেই প্ৰায় ৬০ খন বাছ চলাচল কৰে ৷ বাছ চালকৰ পৰা পোৱা তথ্যৰ ভিত্তিত পৰিবহন নিগমে এই সিন্ধান্ত গ্ৰহণ কৰিছে ৷ “আমি আমাৰ যাত্ৰী সকলক অসুবিধাত পেলাব বিচৰা নাই ৷ দুৰ্ভাগ্যজনক কিবা ঘটনা হ’লে আমি যিহেতু জগৰীয়া হ’ম সেয়ে আমি সদ্যহাতে এই পৰিবহন বন্ধ ৰখাৰ সিন্ধান্ত লৈছো ৷ কৃষকৰ প্ৰতিবাদ বন্ধ হ’লে পুনৰ বাছৰ চলাচল আৰম্ভ হ’ব’’-এনেদৰে কয় মনোজ কুমাৰে ৷ আগ্ৰাৰ পৰা  দিল্লীলৈ অহা এগৰাকী নিয়মীয়া যাত্ৰীয়ে কয় “আমি টেক্সিৰে অহা যোৱা কৰিছোঁ কিন্তু ভাড়া তেওঁলোকে যথেষ্ট বৃদ্ধি কৰাৰ বাবে আমাৰ সমস্যা হৈছে ৷” (IANS)