সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / মমতাৰ দলত ‘বিদ্ৰোহ’

মমতাৰ দলত ‘বিদ্ৰোহ’

তৃণমূল কংগ্ৰেছত অসন্তুষ্টিি বাঢ়িছে

কলকাতা,৬ ডিচেম্বৰ – তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা মমতা বেনাৰ্জী মন্ত্ৰীসভাৰ মন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দলৰ কিছুমান কাৰ্যকলাপক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে ৷ আনহাতে,আন এগৰাকী মন্ত্ৰী ৰাজীৱ বেনাৰ্জীয়ে দক্ষিণ কলকাতাৰ এখন জনসভাত ৰাজহুৱাভাৱে কৈছিল যে শীতাতপ নিয়ন্ত্ৰিত কোঠাত বহি ’মানুহক বুৰ্বক বনোৱা’সকলে  সদায় দল তথা চৰকাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷

“আপুনি যদি সকলো কথাতে হয় বুলি ক’ব পাৰে তেতিয়া আপুনি আদৰ পাব,গুৰুত্ব পাব,মোৰ তেনেকুৱা স্বভাৱ নাই৷মই বেয়াক ভাল আৰু ভালক বেয়া বুলি ক’ব নোৱাৰোঁ,সেয়ে মোৰ স্ক’ৰ কম”-এনেদৰে কয় ৰাজ্যখনৰ বন মন্ত্ৰী ৰাজীৱ বেনাৰ্জীয়ে ৷ তেওঁ পুনৰ কয়”মই এই কথাখিনি দলৰ সদস্য হিচাপে কৈছো আৰু এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে কৈছো ৷

আৰু কিবা দলীয় কথা ক’বলগীয়া হ’লে মই দলৰ মজিয়াত কম৷”হাওৰাৰ দমজুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰাজীৱ বেনাৰ্জীয়ে কয় যে দলে ইয়াৰ সদস্য সকলৰ খং ক্ষোভ বোৰ গুৰুত্ব সহকাৰে লোবা উচিত৷ইয়াৰ আগতেও বিগত জুলাই মাহত ৰাজীৱ বেনাৰ্জীয়ে কৈছিল যে দুৰ্নীতিত জড়িত সৰু মাছ ধৰি লাভ নাই,ডাঙৰ মাছ ধৰক তেতিয়াহে দলটো পৰিস্কাৰ হ’ব ৷ আনহাতে মমতা চৰকাৰৰে নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ফিৰহাদ খানে ৰাজীৱ বেনাৰ্জীৰ বিতৰ্কিত মন্তব্য সম্পৰ্কত কয় ” ৰাজীৱ ভাল মানুহ আৰু তেওঁ মোৰ বন্ধু ৷

তেওঁ ভাল কাম কৰি আছে৷”ইফালে আন এগৰাকী মন্ত্ৰী সুব্ৰত মুখাৰ্জীয়ে কয় যে এনেধৰণৰ বিতৰ্কিত মন্তব্য দলৰ বাহিৰত কোৱা অনুচিত ৷

সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল বিজেপিৰ সৰ্বভাৰতীয় উপসভাপতি মুকুল ৰায়ে ৰাজীৱ বেনাৰ্জীৰ মন্তব্যক প্ৰশংসা কৰি কয় যে ৰাজীৱ এজন ভাল মানুহ আৰু তেওঁ যি কৈছে সেইয়া প্ৰতিগৰাকী তৃণমূল কৰ্মীৰে মনৰ কথা ৷ (IANS)