শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Top Stories  / হোৱাইট হাউছত ভোজমেল হ’বই

হোৱাইট হাউছত ভোজমেল হ’বই

ক’ভিডৰ মাজতে মেলানিয়া ট্ৰাম্পে ভোজমেল পাতিব

ৱাছিংটন, ৬ডিচেম্বৰ — আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰনা ভাইৰাছৰ পুনৰ সংক্ৰমণৰ মাজতে এইবাৰ ৰাষ্ট্ৰপতিৰ বাসভৱন হোৱাইট হাউছে আগন্তুক দিনসমূহত কেইবাখনো ভোজমেলৰ আয়োজন কৰিছে। কিন্তু এই ক্ষেত্ৰত দেশখনৰ উচ্চ পৰ্যায়ৰ স্বাস্থ্য বিষয়া সকলে যথেষ্ট সতৰ্ক বাণী শুনাইছে।

এন বি চি নিউজৰ দ্বাৰা পৰিবেশন কৰা এটা বাতৰিত কোৱা হয় যে এনে এক ভোজমেল ১ ডিচেম্বৰত অনুষ্ঠিত হৈছে আৰু ইয়াত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পো কিছুসময়ৰ বাবে উপস্থিত আছিল। বাতৰি অনুসৰি এই ভোজমেলত উপস্থিত থকা বহুত সংখ্যক লোকে কোনো মাস্ক পৰিধান কৰা নাছিল।

এই ভোজমেলত উপস্থিত থকা ৰিপাব্লিকান কনভেন্সন শ্বেয়াৰ ৰনা মেকডুৱেল ইতিমধ্যে ছেপ্টেম্বৰ মাহত ক’ৰনা পজিটিভ বুলি চিনাক্ত হৈছিল আৰু তাৰপিছত ৰাষ্ট্ৰপতি ট্ৰাম্পো ক’ৰনা পজিটিভ বুলি চিনাক্ত হৈছিল।

আনহাতে, এই বিষয়ত হোৱাইট হাউছৰ প্ৰেছ চেক্ৰেটৰী কেলিক মেকনিয়ে সাংবাদিক সকলক কয় যে কৰ’না সংক্ৰমণৰ সময়ত যদি ব্যৱসায়িক প্ৰতিষ্ঠান আক্ৰমণ কৰিব পাৰে,ঘৰ জ্বলাব পাৰে, ৰাস্তাত ধৰ্না দিব পাৰে তেন্তে  বৰদিনৰ সময়ত ভোজমেল অনুষ্ঠিত কৰাত  কোনো বাধা নাই ।

বৰদিনৰ ভোজমেল কিছু সতৰ্কতা মানি চলি পালন কৰাটোত কোনো সমস্যা হ’ব নালাগে বুলি তেওঁ উল্লেখ কৰে। যোৱা সপ্তাহত এক বিজ্ঞপ্তি যোগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা মেলিনা ট্ৰাম্পৰ চীফ অফ ষ্টাফ ষ্টেফিনী গ্ৰীছামে কয় যে হোৱাইট হাউছে আগন্তুক দিনত খ্ৰীষ্টমাছ আৰু হানুকোষ উদযাপন কৰিব আৰু তেওঁলোকে যাবতীয় সতৰ্কতাও অৱলম্বন কৰিব ৷

ৱাছিংটন প’ষ্টে এক বাতৰি যোগে কয় যে ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডী গৰাকীয়ে হোৱাইট হাউছ ত্যাগ কৰাৰ আগতে ভোজমেল অনুষ্ঠিত কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে আৰু আগন্তুক সপ্তাহ সমূহত অন্তত ২৫ টা  এনে ভোজমেল দেখিবলৈ পোৱা যাব আৰু এই ভোজমেল সমূহত অতি কমেও ৫০ জন অভ্যাগত উপস্থিত থাকিব ।

তাৰোপৰি চেক্ৰেটৰী অফ ষ্টেট মাইক পম্পিয়েও আগন্তুক দিনত কেইবাখনো ভোজমেল আয়োজন কৰিব আৰু ইতিমধ্যে ৯০০  অভ্যাগতক আমন্ত্ৰণ জনোৱা হৈছে । ইয়াৰ বিপৰীতে ‘চেণ্টাৰ ফৰ ডিজিজ কট্ৰল এণ্ড প্ৰিভেনচনৰ’ সঞ্চালক  ৰবাৰ্ট ৰেড ফিল্ডে  আগন্তুক তিনি মাহ আমেৰিকাৰ স্বাস্থ্যখণ্ডৰ বাবে যথেষ্ট প্ৰত্যাহ্বানমূলক হ’ব বুলি সাৱধান বাণী শুনাইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ ক’ভিড ভাইৰাছত সংক্ৰমিত হোৱা দেশসমূহৰ ভিতৰত  শীৰ্ষত আছে আৰু  ইতিমধ্যে দেশ খনতহ১৪ লাখতকৈও  অধিক লোকৰ সংক্ৰমণ হৈছে আৰু  ২ লাখ ৮০ হাজাৰ  লোকৰ মৃত্যু হৈছে ৷ (IANS)