বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / অসন্তুষ্টিৰ মাজতে সমাৱেশ

অসন্তুষ্টিৰ মাজতে সমাৱেশ

মমতা বেনাৰ্জীৰ বৃহৎ সমাবেশ হ’ব 'বিসম্বাদী'ৰ সমষ্টিত

কলকাতা,৭ ডিচেম্বৰ:মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে মিদনাপুৰত এক বিশাল জনসভাৰ আয়োজন কৰিছে ৷ তৃণমূলৰ কেইবাজনো বিশিষ্ট নেতাৰ ওপৰিও স্বয়ং মুখ্যমন্ত্ৰী তথা দলৰ প্ৰধান নেত্ৰী মমতা বেনাৰ্জী উক্ত সমাৱেশত উপস্থিত থাকিব ৷ উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ সমষ্টিটোৰ সাংসদ শিশিৰ অধিকাৰী উক্ত কাৰ্যসূচীত উপস্থিত নথকাতো নিশ্চিত হৈছে ৷ তেওঁ ইতিমধ্যে দলটোৰ সভাপতিক তেওঁৰ স্বাস্থ্যজনিত সমস্যাৰ অজুহাতত উক্ত সমাৱেশত অংশ ল’ব নোৱাৰিব বুলি স্পষ্টকৈ জনাই দিছে ৷ আনহাতে,তেওঁৰ পুত্ৰ তথা সাংসদ দ্বিবেন্দু অধিকাৰীও দিল্লীত থকাৰ বাবে উক্ত সমাৱেশত উপস্থিত থাকিব নোৱাৰিব বুলিয়ে স্পষ্ট হৈছে ৷

আনহাতে,আৰক্ষীৰ আতিশয্যৰ বিৰুদ্ধে জনসাধাৰণক সকাহ দিয়া সংগঠনৰ নেতা তথা এসময়ৰ মাওবাদীৰ সমৰ্থক হিচাপে খ্যাত চত্ৰধৰ মাহাতোৱে উক্ত অনুষ্ঠানত অংশ লোৱাতো এক প্ৰকাৰ নিশ্চিত হৈছে ৷ উল্লেখযোগ্য যে চত্ৰধৰ মাহাতো মাওবাদীৰ লগত সম্পৰ্ক থকাৰ অভিযোগত ২০০৯ চনৰ পৰা সুদীৰ্ঘ বাৰ বছৰ কাল কাৰাগাৰত আছিল ৷ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত তেওঁৰ এইখনেই প্ৰথম ৰাজহুৱা সভা ৷ মাহাতোক বিগত জুলাই মাহত দলটোৰ জিলা পৰ্যায়ৰ নেতাৰ দায়িত্ব দিয়া হৈছিল ৷