বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ছোটা শ্বাকীলৰ ভাবুকি !

ছোটা শ্বাকীলৰ ভাবুকি !

বিহাৰত জনতা দল(ইউ)ৰ নেতাক ভাবুকি

পাটনা,৭ ডিচেম্বৰ: জনতা দল(ইউ)ৰ বিধান পৰিষদৰ সদস্য গোলাম ৰছুল বাইলাৱীক  ভাবুকি দিয়া বুলি নেতাজনে ইতিমধ্যে পাটনাৰ কটৱালী পুলিচ থানাত এক গোচৰ ৰজু কৰিছে ৷ নেতাজনে তিনিটা ভিন্ন নম্বৰৰ পৰা ভাবুকি পোৱা বুলি উপ আৰক্ষী অধীক্ষক ৰাজ কিশোৰ সিঙে অৱগত কৰে ৷ তাৰোপৰি ভাবুকি দিয়া ব্যক্তিজনে নিজকে ছোটা শ্বাকীল বুলি নেতাজনক পৰিচয় দিয়ে বুলিও আৰক্ষী বিষয়াজনে ব্যক্ত কৰে ৷ আৰক্ষী বিষয়াজনে জনোৱা মতে উক্ত তিনিটা নম্বৰ ভাৰতীয় নম্বৰ তথা স্থানীয় নম্বৰ ৷ ভাবুকি দিয়া ব্যক্তিজনে নেতাজনক আৰ এছ এছ তথা বিজেপিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ সকীয়াই দিয়ে ৷ উল্লেখযোগ্য যে বাইলাৱী জনতা দল(ইউ)ৰ এজন উল্লেখযোগ্য মুছলমান নেতা ৷ (IANS)