বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Business  / নগদ লেনদেন বন্ধ হ’ব !

নগদ লেনদেন বন্ধ হ’ব !

ভাৰতত জন্মগ্ৰহণ কৰাৰ বাবে নিজকে ধন্য মানিলে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়াই

নতুন দিল্লী,৭ডিচেম্বৰ:বিশ্বৰ এক বিখ্যাত প্ৰতিষ্ঠান গুগল তথা এলফাবেটৰ শীৰ্ষ কাৰ্যবাহী বিষয়া সুন্দৰ পিছায়ে সোমবাৰে ভাৰতত জন্মগ্ৰহণ কৰাৰ বাবে সকলোৰে বাবে উপলব্ধ হোৱা ডিজিটেল অৰ্থনীতি তৈয়াৰ কৰিবলৈ তথা এক বিলিয়ন লোকৰ হিত সাধন কৰিবলৈ অনুপ্ৰেৰণা পোৱা বুলি উল্লেখ কৰে ৷ ছিংগাপুৰ ফিনটেক ফেষ্টিভেলত ভাষণ প্ৰদান কৰি তেওঁ কয় যে সকলোৰে বাবে বিকাশ তথা সুবিধাৰ ধাৰণাটো তেওঁৰ বাবে ব্যক্তিগত পৰ্যায়ত এক লক্ষ্য ৷ ভাৰতত জন্ম গ্ৰহণ কৰি কম্পিউটাৰ বা ফোনৰ সুবিধা তেওঁৰ বাবে সহজে ঢুকি পোৱা বস্তু নাছিল বুলি ৰোমন্থন কৰে তেওঁৰ অতীতক ৷ দীঘলীয়া সময় অপেক্ষা কৰিহে আন বহুতে ব্যৱহাৰ কৰা ফোন ব্যৱহাৰ কৰিবলৈ তেওঁ সুযোগ পোৱাৰ কথা উল্লেখ কৰে ৷ সেইবাবে তেওঁৰ পৰিয়ালত প্ৰথমটো ফোন উপলব্ধ হোৱাৰ সময়তে জীৱনৰ বহুত কথা অনুভৱ কৰিছিল বুলি কয় পিছায়ে ৷ সকলোৱে একেলগে আগবাঢ়ি গলেহে ডিজিটেল যুগৰ ভেদভাৱ নাইকীয়া হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

২০১৭চনতে ‘গুগল তেজ’ যাক আজিকালি ‘ গুগল পে’ বুলি জনা যায়,সেই সুবিধা ভাৰতত আৰম্ভ কৰিছিল বুলি তেওঁ লগতে ব্যক্ত কৰে ৷ সেইসময়ত ভাৰতত প্ৰধানতঃ নগদ ধনৰ লেনদেনৰ যোগেদিয়ে অৰ্থনীতিৰ প্ৰায় কামবোৰ হৈছিল বুলি পিছায়ে কয় ৷ আনহাতে বৰ্তমানে গুগল পে’ৰ যোগেদি সাধাৰণ লোক এজনে দৈনন্দিন প্ৰায় সকলো আৰ্থিক লেনদেন কৰা বুলিও তেওঁ ব্যক্ত কৰে ৷ ইতিমধ্যে ভাৰতত প্ৰত্যেক মাহত প্ৰায় ৩ বিলিয়ন ডিজিটেল লেনদেন হয় আৰু দক্ষিণ পূব এছিয়াত ২০২৫ৰ ভিতৰত ১.২ ট্ৰিলিয়ন ডিজিটেল লেনদেন হ’ব বুলি আশা কৰা হৈছে ৷ (IANS)