মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / নাই ভূটীয়া,নাই ‘জাৰ’…

নাই ভূটীয়া,নাই ‘জাৰ’…

ভূটীয়া মাৰ্কেট,যোৰহাটবাসীৰ এক আকৰ্ষণ ৷ লিখিছে অমৰজ্যোতি বৰাই

যোৰহাট ৭ ডিচেম্বৰ: শীত আহিল ,মাজে মাজে হৈ থকা দুই এজাক বৰষুণে শীতৰ মাত্ৰাটো যেন পূৰ্বতকৈ অলপ বেছিকৈয়ে লৈ আহিল। বজাৰত শীতৰ কাপোৰৰ চাহিদা বৃদ্ধি হ’ল ,চুৱেটাৰ , জ্যেকেট , মাফলাৰকে আদি কৰি শীতৰ সামগ্ৰী বিক্ৰী কৰা দোকানবোৰ ভৰি পৰিল ,তথাপি যোৰহাটবাসীৰ মনত কিবা এটা ৰিঙা ৰিঙা ভাৱ ,কিয়নো শীতৰ লগে লগে যোৰহাটলৈ নাহিল এইবাৰ তীৰ্ব্বতীয় শৰণাৰ্থীদলৰ ঊলৰ বজাৰ ‘ভূটীয়া মাৰ্কেট ‘।যোৰহাট নগৰৰ ঐতিহ্যমণ্ডিত বিষ্টুৰাম বৰুৱা হলৰ বাকৰি এই ভূটীয়া মাৰ্কেট অবিহনে এইবাৰ উকা হৈ ৰ’ল। প্ৰতিজন যোৰহাটৰ ব্যক্তিৰ বাবে শীতৰ কাপোৰৰ নিৰ্ভৰযোগ্য আৰু পৰিচিত প্ৰতিষ্ঠান আছিল এই ভূটীয়া মাৰ্কেট। চুৱেটাৰ , জ্যেকেট , শ্বল , বিভিন্ন প্ৰকাৰৰ টুপী , মোজাকে আদি কৰি শীত কালত ব্যৱহাৰ কৰিব পৰা সকলোবোৰ সামগ্ৰীয়েই সহজলভ্য হোৱাৰ লগতে তীৰ্ব্বতীয় শৰণাৰ্থীসকলে ঘৰতে প্ৰস্তুত কৰাৰ কাৰণে ইয়াৰ মূল্যও যথেষ্ট কম আৰু মানদণ্ড যথেষ্ট উন্নত হোৱাৰ লগতে আৰামদায়কো হোৱাৰ বাবে যোৰহাটবাসীৰ ৰাইজৰ মাজত ভূটীয়া মাৰ্কেট যথেষ্ট জনপ্ৰিয় হোৱাৰ লগতে এই সামগ্ৰীসমূহৰ চাহিদাও যথেষ্ট বেছি ।

কিন্তু এইবাৰ যোৰহাটবাসীৰ ভূটীয়া মাৰ্কেটৰ পৰা শীতৰ কাপোৰ কিনাৰ ইচ্ছা কেৱল ইচ্ছা হৈয়ে ৰ’ল ,কিয়নো কৰ’না মহামাৰীৰ বাবে এইবাৰ যোৰহাটৰ লগতে দেশৰ অন্যান্য স্থানতো অস্থায়ী বজাৰ পতাৰ পৰা বিৰত থাকিব লগা হৈছে এই শৰণাৰ্থীসকল। অক্টোবৰৰ পৰা জানুৱাৰীলৈকে এই চাৰিমাহ সময় দেশৰ প্ৰায় দুই শতাধিক স্থানত অস্থায়ী বজাৰ পতা এই লোকসকলে এইবাৰ উৎপাদিত সাগ্ৰীসমূহ বিক্ৰী কৰিব নোৱাৰি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।

বাগচিং নিমা যাৰ নেতৃত্বত যোৰহাটৰ ভূটীয়া মাৰ্কেটলৈ শৰনণাৰ্থীসকল আহে তেওঁ কয় ” কৰ’না মহামাৰীৰ কাৰণে এইবাৰ আমি আমাৰ উৎপাদিত সামগ্ৰীসমূহ দেশৰ বিভিন্ন প্ৰান্তলৈ লৈ যাবলৈ সক্ষম নহ’লো, এই চাৰিমাহৰ বজাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমাৰ বছৰটো চলে , কিন্তু এইবাৰ যথেষ্ট অসুবিধা হ’ব চলিবলৈ।” অসমৰ প্ৰধানকৈ যোৰহাট ,গোলাঘাট , শিলচৰ আৰু নগাঁৱত এই শৰণাৰ্থীসকলে বছৰি শীতকালত শীতকালীন সামগ্ৰী বিক্ৰীৰ বাবে আহে এইবাৰ কেৱল দিল্লী ,জয়পুৰ আৰু ৰাজস্থানত কেইখনমান ষ্টলৰ বাহিৰে আৰু কতো তেওঁ লোক যোৱা নাই বুলি নিমাই জানিবলৈ দিয়ে । 

যোৰহাটৰ কিতাপৰ ব্যৱসায়ী ত্ৰৈলোক্য দত্তই ভূটীয়া মাৰ্কেটত বজাৰ কৰাৰ অভিজ্ঞতা ব্যক্ত কৰি আমাক কয় ” আজি ১৫ বছৰে তেওঁলোকক পায় আহিছো ,খুবেই নম্ৰ আৰু বিনয়ী এই শৰণাৰ্থীসকল ,কোনোদিনে গ্ৰাহকৰ লগত কোনো‌ কথাতে বেয়া ব্যৱহাৰ কৰা শুনা নাই , সদায়ে মুখত হাঁহি আৰু মিঠা মাতেৰেই গ্ৰাহকৰ লগত কথা পাতে ৷ ” ভূটীয়া মাৰ্কেটৰ স্মৃতি ৰোমন্থন কৰি যোৰহাটৰ যুৱক মৃদুপৱন শইকীয়াই কয় “ভূটীয়া মাৰ্কেট যোৰহাটৰ মধ্যবিত্ত পৰিয়ালৰ এক পৰিচিত নাম আছিল। কম মূল্যত উচিত আৰু আৰামদায়ক সামগ্ৰীৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আছিল এই ভূটীয়া মাৰ্কেট।যোৰহাটবাসীয়ে ভূটীয়া মাৰ্কেটৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছে এইবাৰ ৷”