শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Biosphere  / Hills & Mountains  / পাহাৰ ভৈয়ামৰ সংগমস্থলীত সমন্বয়ৰ প্ৰতীক ‘ন-খোৱা’

পাহাৰ ভৈয়ামৰ সংগমস্থলীত সমন্বয়ৰ প্ৰতীক ‘ন-খোৱা’

সোণ গুটি চপাই আজৰি হৈ লগে ভাগে উলাহেৰে এসাঁজ খালে কামপুৰীয়া গাঁৱৰ লোকে ৷ এই প্ৰতিবেদন যুগুতাইছে ৰূপক দাসে

কাৰ্বি আংলং, ৭ ডিচেম্বৰ :  অসমীয়া সমাজ ব্যৱস্থাৰ এক ঐতিহ্যমণ্ডিত পৰম্পৰা হৈছে ‘ন-খোৱা’ ৷ কিন্তু আধুনিকতাৰ কৰাল গ্ৰাসত পৰি একেলগে ন-ভাত খোৱাৰ এই কৌটিকলীয়া পৰম্পৰা আজি ঠায়ে ঠায়ে প্ৰায় বিলুপ্তিৰ পথত।

পিছে কাৰ্বি আংলং জিলাৰ বৃহত্তৰ হাওৰাঘাট অঞ্চলৰ সুপ্ৰাচীন কামপুৰীয়া গাঁৱত আজিও অটুট আছে সমজুৱাকৈ ‘ন-খোৱা’ৰ এই কৌটিকলীয়া পৰম্পৰা যাৰ আৱেগ,যাৰ আনন্দই সুকীয়া। হয়, আঘোণত খেতি চপাই ভৰাঁলত লখিমী সোমোৱাৰ পিছত বছৰটোৰ প্ৰথম লগে-ভাগে ন-চাউল খোৱাৰ যি আনন্দ, যি আৱেগতাৰ আমেজ সঁচাকৈয়ে সুকীয়া । 

বছৰৰ পিছত বছৰ ধৰি অসমীয়া চহা গ্ৰাম্য জীৱনৰ এক এৰাব নোৱাৰা পৰম্পৰা এই ‘ন-খোৱা’৷ দেওবাৰে গাঁৱৰ নামঘৰৰ বাকৰিত পুৱাৰে পৰা সমবেত হৈছে সকলো ।গাঁৱৰ বুঢ়া-মেথাৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰু, শিশু-কিশোৰ সকলোৱে অংশ লৈছে এই ন-খোৱা অনুষ্ঠানত । গাঁৱৰ ৭৫ ঘৰ মানুহে একেলগে আয়োজন কৰিছে এই ন-ভাত খোৱাৰ অনন্য অনুষ্ঠানৰ । 

পুৱাই নামঘৰত ন-ধান আগবঢ়াই সকলোৱে সেৱা লৈ দুপৰীয়া সকলোৱে একেলগে বহি ন-ভাত খোৱাৰ দৃশ্য আছিল অনন্য। ৭ ৰ পৰা ১০ কেজি ওজনৰ একো-একোটা ভকুৱা মাছেৰে বগা সৰিয়হৰ সৈতে ৰন্ধা মাছৰ জোল, মাছৰ মূৰেৰে বতৰৰ বিবিধ পাচলিৰ বিশেষ আঞ্জা, বেচনেৰে বেঙেনাৰ বৰ, ঔটেঙাৰ সৈতে দাইল, বেহুৱা আদি সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰ আছিল কামপুৰীয়া গাঁৱৰ সমজুৱা ন-খোৱা অনুষ্ঠানৰ বিশেষ আকৰ্ষণ। তাৰ মাজতে কলপাত আৰু পটুৱাৰ ব্যৱহাৰ আছিল বিশেষভাৱে লক্ষণীয় । 

উল্লেখযোগ্য যে এয়া কামপুৰীয়া গাঁৱৰ আজিৰ পৰম্পৰা নহয়, বছৰ বছৰ ধৰি একেভাৱে একেধৰণেই গাঁওখনত চলি আহিছে এনেদৰে লগে-ভাগে এসাঁজ ন-ভাত খোৱাৰ কৌটিকলীয়া পৰম্পৰা । সঁচাকৈয়ে  ভোগ সৰ্বস্ব স্বাৰ্থপৰ সমাজ ব্যৱস্থাত উচ্চ-নীচ মনোভাৱ পৰিহাৰ কৰি সমন্বয়ৰ বিৰল নিদৰ্শন পৰিলক্ষিত হ’ল কামপুৰীয়া গাঁৱত ।

ন-ভাত খোৱাৰ মাজতে কবিতা পাঠ, দিহানাম, বিহু,অভিনয় প্ৰতিভাৰ অনন্য সমাহাৰেৰে অধিক জীপাল হৈ উঠে হাওৰাঘাটৰ কামপুৰীয়া গাঁৱৰ এই ন-খোৱা অনুষ্ঠান।