শনিবাৰ, ২৪ জুলাই, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / পেডেল মাৰি মাৰি ..

পেডেল মাৰি মাৰি ..

চাইকেল চলাই সুস্থ হৈ থাকক - এই আহ্বানেৰে দ্বিতীয় পৰ্যায়ৰ চাইক্ল’থন আৰম্ভ

নতুন দিল্লী,৭ ডিচেম্বৰ —সমগ্ৰ দেশ জুৰি এই বছৰৰ জানুৱাৰী মাহত আৰম্ভ কৰা চাইকেল চলোৱা কাৰ্যসূচী ‘ফিট ইণ্ডিয়া চাইক্ল’থন’ৰ সোমবাৰে দ্বিতীয় বাৰৰ বাবে শুভাৰম্ভ কৰা হয়। ২৫ দিনীয়া কৈ চলিব লগীয়া এই মাৰাথন ৩১ ডিচেম্বৰত সমাপ্ত হ’ব।দেশৰ প্ৰত্যেক জিলাত এই অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু নাগৰিক সকলে ফিট ইণ্ডিয়াৰ ৱেব চাইটত গৈ নিজৰ নাম সন্নিবিষ্ট কৰি ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। এই কাৰ্যসূচীৰ অংশ স্বৰূপে যোগদানকাৰী সকলে প্ৰত্যেক দিনা তেওঁলোকৰ নিজস্ব পছন্দ মতে এক নিৰ্দিষ্ট দূৰত্ব চাইকেলৰে অতিক্ৰম কৰিব পাৰিব।তেওঁলোকৰ এই ভ্ৰমণৰ ভিডিঅ সামাজিক মাধ্যমত ফিট ইণ্ডিয়া চাইক্ল’থন লগত সংলগ্ন কৰি প্ৰচাৰ কৰিব পাৰিব ৷ এই কাৰ্যসূচীত ভাগ লবলৈ দেশ বাসীক আহ্বান জনাই কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজেজুৱে টুইট কৰি কয় যে স্বাস্থ্য ভালে ৰাখিবলৈ গ্ৰহণ কৰা এই কাৰ্যসূচীৰ যোগেদি কাৰ্বন ডাই অক্সাইড গেছৰ নিৰ্গমন যথেষ্ট পৰিমাণে হ্ৰাস হয়।কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে দেশ বাসীক ফিট ইণ্ডিয়াৰ দ্বিতীয় কাৰ্যসূচীত ভাগ ল’বলৈ সকলোকে আমন্ত্ৰণ জনায় ।

উল্লেখযোগ্য যে ফিট ইণ্ডিয়াৰ প্ৰথমটো কাৰ্যসূচী এই বছৰৰ জানুৱাৰী মাহত মন্ত্ৰী কিৰেন ৰিজেজুৱে গোৱাৰ ৰাজধানী পানাজীত শুভাৰম্ভ কৰিছিল। এই কাৰ্যসূচীৰ জৰিয়তে সাধাৰণ নাগৰিকৰ মাজত শাৰীৰিক ব্যায়াম আৰু সঞ্চালনে শৰীৰটোক কিদৰে উপকাৰ সাধন কৰে তাক বুজোৱাৰ চেষ্টা কৰা হৈছে ৷ জানুৱাৰী মাহৰ কাৰ্যসূচীত সমগ্ৰ দেশৰ প্ৰায় ৩০ লাখ চাইকেল আৰোহীয়ে অংশ লৈছিল ৷ (IANS)