সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভাল দিন আহিল আগ্ৰাবাসীৰ

ভাল দিন আহিল আগ্ৰাবাসীৰ

আগ্ৰা মেট্ৰ’ প্ৰকল্পৰ শিলন্যাস কৰিলে প্ৰধানমন্ত্ৰীয়ে

নতুন দিল্লী,৭ ডিচেম্বৰ — প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ প্ৰদেশৰ আগ্ৰা মেট্ৰ’ প্ৰকল্পৰ ভিডিঅ’ কনফাৰেঞ্চিং যোগে আজি শুভৰাম্ভ কৰে।কেন্দ্ৰীয় গৃহ তথা নগৰ উন্নয়ন মন্ত্ৰী হৰদীপ সিং পুৰী ,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু অন্যান্য গণ্য মান্য ব্যক্তিসকলে আগ্ৰাৰ ১৫ নম্বৰ বেটালিয়ান পি এ চি খেলপথাৰত এই শিলন্যাস অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই মেট্ৰ’ প্ৰকল্প দুটা অংশ জুৰি বিস্তৃত হৈ থাকিব আৰু ই আগ্ৰাৰ স্থানীয় বাসিন্দা সকলৰ বাবে যথেষ্ট সুবিধাজনক হ’ব। এই মেট্ৰ’ প্ৰকল্পই সৰ্বমুঠ ৫৯.৪ কিলোমিটাৰ অংশ সামৰি ল’ব আৰু পৰ্যটকৰ মুখ্য আকৰ্ষণ তাজমহল ,আগ্ৰা দুৰ্গ ,ছিকন্দৰ দুৰ্গ ইত্যাদি ৰেল ষ্টেচন তথা বাছ ষ্টেচনৰ লগত সংযুক্ত কৰিব।

তাৰোপৰি এই প্ৰকল্পৰ জৰিয়তে  মহানগৰখনৰ ২৬ লাখ স্থানীয় বাসিন্দা উপকৃত হ’ব আৰু এই পৰ্যটন নগৰখনলৈ প্ৰত্যেক বছৰে আগমন হোৱা প্ৰায় ৬০ লাখ পৰ্যটকে যথেষ্ট সুফল পাব। এই সমগ্ৰ প্ৰকল্পটোৰ বাবে সৰ্বমুঠ ৮৩৭৯.৬২ কোটি টকা ব্যয় হ’ব আৰু আগন্তুক ৫ বছৰত এই অভিলাষী প্ৰকল্পটো নিৰ্মাণ হৈ উঠিব বুলি আশা কৰা হৈছে। (IANS)