দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভাৰত বন্ধলৈ পূৰ্ণ সমৰ্থন কেজৰিৱালৰ

ভাৰত বন্ধলৈ পূৰ্ণ সমৰ্থন কেজৰিৱালৰ

কৃষকসকলৰ শান্তিপূৰ্ণ বন্ধক প্ৰতিগৰাকী ভাৰতীয়ই সমৰ্থন কৰা উচিত

নতুন দিল্লী,৭ ডিচেম্বৰ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কাইলৈ প্ৰতিবাদকাৰী কৃষকসকলে আহ্বান জনোৱা ভাৰত বন্ধলৈ তেওঁৰ দলে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি উল্লেখ কৰিছে ৷ আজি দিল্লী হাৰিয়ানা সীমান্তত প্ৰতিবাদী কৃষকসকলক সাক্ষাৎ কৰি কেজৰিৱালে কয় যে শান্তিপূৰ্ণভাৱে আহ্বান জনোৱা এই বন্ধক প্ৰকৃততে প্ৰতিগৰাকী ভাৰতীয়ই সমৰ্থন কৰা উচিত ৷

তেওঁ লগতে কয় যে তেওঁ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে নহয় এগৰাকী সেৱক হিচাপেহে কৃষকসকলৰ ওচৰলৈ আহিছে ৷ তেওঁ লগতে কয় যে কৃষকসকলে আমাৰ বাবে২৪ ঘন্টাই কষ্ট কৰে সেয়ে তেওঁলোকৰ বিপদৰ সময়ত আমি তেওঁলোকৰ লগত থকা উচিত ৷

আম আদমী পাৰ্টীৰ প্ৰতিগৰাকী বিধায়ক তথা সদস্যই প্ৰতিবাদী কৃষকসকলৰ পানী,ঔষধ,আহাৰ আদিৰ দিশবোৰ চোৱাচিতা কৰি আছে ৷ তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে তেওঁৰ চৰকাৰৰ পৰা দিল্লীৰ নখন ষ্টেডিয়াম অস্থায়ী জেল হিচাপে ব্যৱহাৰ কৰিবৰ বাবে অনুমতি বিচৰা বিষয়টো উল্লেখ কৰি কয় যে আমাৰ চৰকাৰৰ ফালৰ পৰা সেই অনুৰোধ প্ৰত্যাখ্যান কৰা হৈছিল ৷

উল্লেখযোগ্য যে দিল্লী,পাঞ্জাৱ,হাৰিয়ানা,পশ্চিম বংগ,উত্তৰাখণ্ড,মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ মুঠ দহটা কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে প্ৰতিবাদকাৰী কৃষকে জনোৱা ভাৰত বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৷ (IANS)