বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / ভেকচিন সাজু,এতিয়া লাগে অনুমতি

ভেকচিন সাজু,এতিয়া লাগে অনুমতি

ছিৰাম ইনষ্টিটিউটে ভেকচিন ব্যৱহাৰৰ অনুমতিৰ বাবে আবেদন কৰিছে

নতুন দিল্লী,৭ ডিচেম্বৰ: ভাৰতৰ প্ৰথমটো স্থানীয়ভাৱে ক’ভিড প্ৰতিষেধক প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ছিৰাম ইনষ্টিটিউটে তেওঁলোকৰ ‘কভিশ্বিল্ড’ নামৰ প্ৰতিষেধক বিধৰ ব্যৱহাৰৰ তাৎক্ষণিক অনুমতি দিবলৈ চৰকাৰক আবেদন জনাইছে ৷ প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱলাই এক টুইটযোগে এই প্ৰতিষেধকৰ তাৎক্ষণিক অনুমতি প্ৰদানে দেশখনৰ অসংখ্য লোকৰ জীৱন ৰক্ষা কৰিব বুলিও উল্লেখ কৰে ৷ তাৰোপৰি ভাৰত চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই ক্ষেত্ৰত প্ৰদান কৰা যাবতীয় সহায়ৰ বাবেও তেওঁ ধন্যবাদ জনায় ৷ উল্লেখযোগ্য যে কভিশ্বিল্ডৰ প্ৰকৃত উদ্ভাৱক অষ্ট্ৰজেনকা আৰু অক্সফৰ্ড ৷ ভাৰতত এই প্ৰতিষেধক ছিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰিব ৷ আনহাতে ইতিমধ্যে ফাইজাৰ কোম্পানীৰ দ্বাৰা ভাৰতত তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা ক’ভিড প্ৰতিষেধকৰ ব্যৱহাৰৰ বাবে যাবতীয় অনুমোদন বিচাৰি আবেদন জনোৱা হৈছে ৷ বৃটেইন আৰু আমেৰিকা যুক্টৰাষ্ট্ৰত ফাইজাৰৰ এই প্ৰতিষেধকক আগন্তুক দিনত বহুল ভাৱে ব্যৱহাৰ কৰা হ’ব ৷

 আনহাতে, ছিৰাম ইন্সটিটিউটৰ পুনাৱালাই কয় যে তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিষেধকৰ যাবতীয় পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে আৰু প্ৰতিষেধকটো সম্পূৰ্ণ নিৰাপদ তথা ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে ৷ অৱশ্যে নভাভেক্স নামৰ আনবিধ প্ৰতিষেধক অষ্ট্ৰজেনকাৰ প্ৰতিষেধকটোৰ তুলনাত প্ৰায় দুমাহ বিলম্ব হ’ব বুলিও পুনাৱালাই উল্লেখ কৰে৷ছিৰাম ইনষ্টিটিউটে সদ্যহতে এক মাহত ৫০-৬০ মিলিয়ন এই প্ৰতিষেধক প্ৰস্তুত কৰি আছে আৰু আগন্তুক এমাহত ১০০মিলিয়ন প্ৰস্তুত কৰা হ’ব বুলি প্ৰতিষ্ঠানটোৱে জনাইছে ৷ (IANS)