বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / সাৱধান,গীৰ্জালৈ নাযাব !

সাৱধান,গীৰ্জালৈ নাযাব !

হিন্দুক গীৰ্জালৈ যাবলৈ বাধা দিয়া নেতাৰ বিৰুদ্ধে আৰক্ষীৰ তদন্ত

শিলচৰ, ৭ ডিচেম্বৰ– কিছুদিন আগতে বজৰং দলৰ এজন নেতাই ২৫ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বৰদিন উদযাপনৰ কাৰ্যসূচীত হিন্দুসকলক ভাগ নল’বলৈ সকীয়াই দিয়াৰ বিষয়টোত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত আৰক্ষীয়ে সমগ্ৰ বিষয়টোত তদন্ত  আৰম্ভ কৰিছে।

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ভানুৱাৰী লাল মিনাই কালি সংবাদমাধ্যমত জনাই যে যদিও এই সংক্ৰান্তত এজাহাৰ দাখিল কৰা হোৱা নাই ,আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰিবলৈ আৰম্ভ কৰিছে।আনহাতে একাংশ সংবাদ মাধ্যমে কাছাৰৰ জিলা উপায়ুক্ত  কিৰ্থী জলিলৰ উদ্ধৃতি দি কয় যে ইতিমধ্যে আৰক্ষীক স্থানীয় এজন বজৰং দলৰ নেতাই  কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।

সামাজিক মাধ্যমত পোৱা বিভিন্ন বাতৰি মতে কাছাৰ জিলাৰ বজৰং দলৰ নেতা মিঠুন নাথে ৩ ডিচেম্বৰত এখন বৈঠকত হিন্দুসকলক উদ্দেশি এনেদৰে মন্তব্য কৰিছিল। হিন্দু সকলে গীৰ্জা ঘৰত বৰদিন পালন কৰিবলৈ প্ৰৱেশ কৰিলে তেওঁলোকক শাৰীৰিক ভাবে আক্ৰমণ কৰা হ’ব বুলি সকীয়াই দিছিল তেওঁ।

অত্যন্ত সাম্প্ৰদায়িক এই মন্তব্যত বজৰং দলৰ এই নেতাজনে কিছুদিনৰ আগত মেঘালয়ত ৰাম কৃষ্ণ মিছনৰ অন্তৰ্গত স্বামী বিবেকানন্দ কেন্দ্ৰৰ তলা বন্ধৰ বিষয়ে উল্লেখ কৰিছিল ৷ ভিডিঅ’টোত দেখা গৈছে যে যেতিয়ালৈকে মন্দিৰৰ দুৱাৰ মুকলি কৰি নিদিয়ে, তেতিয়ালৈকে গীৰ্জা ঘৰটোত বৰদিন পালন কৰিবলৈ দিয়া নহ’ব বুলি বজৰং দলৰ নেতাজনে মন্তব্য কৰিছিল। সমাজৰ সচেতন লোকে বজৰং দলৰ এই নেতা গৰাকীৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছে ৷ (IANS)