বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘ৰিপাব্লিক’ৰ মানুহক বোলে গ্ৰেপ্তাৰ কৰিব নালাগে

‘ৰিপাব্লিক’ৰ মানুহক বোলে গ্ৰেপ্তাৰ কৰিব নালাগে

উচ্চতম ন্যায়ালয়ত মুখথেকেঁচা খালে ৰিপাব্লিকে

নতুন দিল্লী,৭ ডিচেম্বৰ:সোমবাৰে দেশৰ উচ্চতম ন্যায়লয়ে ৰিপ্লাবিক টিভিৰ এক আবেদন খাৰিজ কৰি এই আবেদনখনক উচ্চাকাংক্ষী বুলি মন্তব্য কৰে ৷ উল্লেখযোগ্য যে এই আবেদনৰ যোগেদি  প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ সকলো কৰ্মীক কোনো ধৰণৰ গোচৰত গ্ৰেপ্তাৰ নকৰিবলৈ আবেদন জনোৱাৰ ওপৰিও সকলো গোচৰ কেন্দ্ৰীয় অনুসন্ধান সংস্থালৈ হস্তান্তৰ কৰিবলৈ আবেদন জনাইছিল ৷ তাৰোপৰি মুম্বাইৰ পুলিচ আয়ুক্তৰ বিপক্ষে এক গোচৰ ৰজু কৰিবলৈও আবেদন কৰিছিল ৷ আজিৰ এই শুনানি ন্যায়ধীশ ডি ৱাই চন্দ্ৰশূড়ৰ আদালতত হৈছিল আৰু ৰিপাব্লিক টিভিৰ হৈ  অধিবক্তা মিলিন্দ সাথেই যুক্তি দৰ্শাইছিল ৷ অধিবক্তা সাথেই আদালতত আবেদন জনাইছিল যে আৰক্ষীৰ দ্বাৰা টিভি চেনেল তথা তাত কৰ্মৰত কৰ্মীসকলক হাৰাশাস্তি কৰা হৈছে আৰু সেইবাবে উচ্চতম ন্যায়লয়ে বিষয়টোত হস্তক্ষেপ কৰিব লাগে ৷ অৱশ্যে পাছত ন্যায়ধীশৰ পৰামৰ্শ অনুসৰি অধিবক্তা সাথেই ৰিপাব্লিক টিভিৰ উক্ত আবেদন উঠাই লয় ৷