দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / খনন বন্ধ ডিব্ৰু ছৈখোৱাত

খনন বন্ধ ডিব্ৰু ছৈখোৱাত

ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সকলো ধৰণৰ খনন কাৰ্য বন্ধ

গুৱাহাটী, ৮ ডিচেম্বৰ — গুৱাহাটী উচ্চ ন্যায়লয়ৰ  ডিভিজন বেঞ্চে সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অইল ইণ্ডিয়াক ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ৭ টা খাদত খনন কৰিবলৈ দিয়া অনুমতি বাতিল কৰিছে। উল্লেখযোগ্য যে এই ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষতে অৱস্থিত অইল ইণ্ডিয়াৰ আন এটা খাদ বাঘজান খাদত হোৱা ভয়ঙ্কৰ অগ্নিকাণ্ড প্ৰায় ১৬০ দিনৰ পিছতহে নুমোৱাবলৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষ সক্ষম হৈছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এন কটিয়াশ্বৰ সিং আৰু ন্যায়ধীশ মনোজ চৌধুৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অইল ইণ্ডিয়াক দিয়া অনুমতি  বাতিল কৰে। অধিবক্তা মৃণ্ময় খাটনিয়াৰ আৰু পৰ্বতাৰোহণকাৰী অমৰজ্যোতি ডেকাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সংক্ৰান্তত এখন ৰাজহুৱা স্বার্থজনিত আবেদন দাখিল কৰিছিল। ১১ মে’ত কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ অইল ইণ্ডিয়া লিমিটেডক ডিব্ৰু ছৈখোৱাৰ অন্তৰ্ভাগত আৰু মাটিৰ তলত খনন কাৰ্য কৰিবলৈ অনুমতি প্ৰদান কৰিছিল।

এই বিষয়ে উল্লেখ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিষয়াই কয় যে উচ্চ ন্যায়ালয়ৰ এই ৰায়দানে ভাৰতীয় সংবিধানৰ ২২৬ অনুচ্ছেদৰ অন্তৰ্গত প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি উচ্চ ন্যায়লয় ইতিমধ্যে সম্পূৰ্ণ পতিয়ন গৈছে যে অইল ইণ্ডিয়াই এই খনন কাৰ্য আৰম্ভ কৰিবলৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশ  দিয়া প্ৰয়োজনীয় অধ্যয়ন আৰু নিয়ম পালন কৰা নাছিল। আবেদনকাৰী সকলৰ হৈ অধিবক্তা দেৱজিত দাসে কয় যে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ দ্বাৰা জৈৱ বৈচিত্ৰ্যতাৰ বিষয়ত কোনো অধ্যয়ন নকৰাকৈ এই খনন কাৰ্য আৰম্ভ কৰিবলৈ দিয়াটো ৰাজহুৱা স্বাৰ্থৰ পৰিপন্থী হ’ব বুলি ন্যায়ালয় পতিয়ন গৈছে আৰু সেই বাবেই এই  অনুমতি বাতিল কৰিছে।

তাৰোপৰি ২০ অক্টোবৰত উচ্চ.ন্যায়ালয়ে অসমৰ বন বিভাগক দহ হাজাৰ টকাৰ জৰিমনা বিহিছিল ,কাৰণ অসমৰ বনবিভাগে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশাৱলী অনুসৰি অইল ইণ্ডিয়া কৰ্তৃপক্ষই কিয় জৈৱ বৈচিত্ৰতা বিষয়ত কোনো অধ্যয়ন কৰা নাছিল সেই বিষয়ে অসমৰ বন বিভাগ সম্পূৰ্ণ নিমাত আছিল। যদি ডিব্ৰু ছৈখোৱাৰ ভিতৰত অইলক খনন কৰিবলৈ দিয়া হয় তেন্তে বাঘজানৰ দৰে ঘটনা পুনৰ সংঘটিত হব পাৰে আৰু অভয়াৰণ্যখনৰ জীৱ জন্তু আৰু কাষৰীয়া ৰাজ্যৰ প্ৰচুৰ ক্ষতি হ’ব পাৰে বুলি আবেদনকাৰীসকলে ৰাজহুৱা স্বাৰ্থজনিত আবেদনত উল্লেখ কৰিছিল ৷