দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / টোমৰৰ মতে ‘ভুৱা প্ৰচাৰ’

টোমৰৰ মতে ‘ভুৱা প্ৰচাৰ’

ভুৱা প্ৰচাৰ বন্ধ কৰিবলৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ আহ্বান

নতুন দিল্লী,৮ ডিচেম্বৰ: বিক্ষোভকাৰী কৃষকসকলৰ দ্বাৰা আহ্বান কৰা ভাৰত বন্ধৰ প্ৰতি দেশৰ ১১ৰাজ্যৰ বিৰোধী দলসমূহে সমৰ্থন আগবঢ়োৱাৰ সময়তে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলক ভুৱা প্ৰচাৰত মন নিদিবলৈ আহ্বান জনায় ৷

কেন্দ্ৰীয় মন্ত্ৰীজনৰ মতে কৃষিখণ্ডত পূৰ্বৰ দৰেই ন্যুনতম সমৰ্থিত মূল্য তথা মাণ্ডী ব্যৱস্থা বলবৎ থাকিব ৷ টুইটাৰ যোগে কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে উল্লেখ কৰে যে এই তিনি নতুন কৃষি আইনে  কৃষকৰ উপকাৰহে সাধিব তথা শীতলীকৰণ গৃহ আৰু খাদ্য প্ৰস্তুতকৰণ উদ্যোগত বিনিয়োগৰ বাবে যাবতীয় পুঁজি আনিবলৈ সক্ষম হ’ব ৷

মাণ্ডী ব্যৱস্থা পূৰ্বৰ দৰেই বাহাল থাকিব তথা কৃষকসকলে তেওঁলোকৰ ইচ্ছা অনুসাৰে যতেই মন যায়,তাতেই ফচল বিক্ৰী কৰিব পাৰিব বুলিও মন্ত্ৰীজনে আশ্বাস দিয়ে ৷

ইতিমধ্যে আজি বিক্ষোভকাৰী কৃষকসকলে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি দেশত মিশ্ৰিত সহাঁৰি পৰিলক্ষিত হৈছে ৷ ১১ খন ৰাজ্যত বিৰোধী দলসমূহে এই বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ৷ তামিলনাডুত বন্ধৰ বিশেষ প্ৰভাৱ নপৰাৰ বিপৰীতে উৰিষ্যা আৰু তেলেংগানাত বন্ধৰ প্ৰভাৱ পৰে ৷

উত্তৰ প্ৰদেশত বন্ধ সমৰ্থনকাৰী সমাজবাদী পাৰ্টিৰ কৰ্মীসকলৰ লগত আৰক্ষীৰ খকাখুন্দা লগা দেখা যায় ৷ বিহাৰতো বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয় ৷ আনহাতে ,দেশৰ বিভিন্ন অংশত আজি দোকান পোহাৰ গতানুগতিক ভাৱে খোলা ৰাখি এক স্বাভাৱিক পৰিৱেশ বৰ্তাই ৰখাটোও পৰিলক্ষিত হয় ৷ (IANS)