বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Agriculture  / দিল্লী আজি খোলা থাকিল !

দিল্লী আজি খোলা থাকিল !

দিল্লীৰ শস্য আৰু খাদ্যৰ বজাৰত প্ৰভাৱ নপৰিল বন্ধৰ

নতুন দিল্লী, ৮ ডিচেম্বৰ- কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদকাৰী কৃষক সকলে আজি জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ দিল্লীৰ কৃষিজাত সামগ্ৰীৰ বজাৰৰ ওপৰত বিশেষ প্ৰভাৱ পৰা দেখা নগ’ল।

দিল্লীৰ খাৰি বাউলী অঞ্চলত আজি অন্য দিনৰ দৰে খাদ্য, শস্য,মছলাৰ দোকানবোৰ খোলা থাকে। উল্লেখযোগ্য যে খাৰি বাউলী উত্তৰ ভাৰতৰ আটাইতকৈ ডাঙৰ শস্য তথা কৃষিজাত সামগ্ৰীৰ বজাৰ। তাৰোপৰি দিল্লীৰ আন বজাৰো সচৰাচৰ চলাৰ দৰেই আজি খোলা থাকে। খাৰি বাউলীৰ বাহিৰেও দিল্লীৰ অন্যান্য অংশৰ বজাৰ সমূহ যেনে গ্ৰেইন মাৰ্কেট ,সদৰ বজাৰ ,চাউৰী বজাৰ,চান্দনী চ’ক, লাজপট ৰায় বজাৰ আৰু ভাইৰাগৰ বজাৰো সম্পূৰ্ণ ৰূপে খোলা থাকে।

আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যদিও সকলো শ্ৰেণীৰ লোকক  আজি বন্ধৰ প্ৰতি সমৰ্থন জনাবলৈ আহ্বান জনাইছিল, এই বন্ধৰ বিশেষ প্ৰভাৱ দিল্লীত দেখা নগ’ল। খাৰি বাউলীৰ শস্য আৰু মছলাৰ এজন ব্যবসায়ীয়ে কয় যে তেওঁলোকৰ সংগঠনৰ দ্বাৰা আজি সকলো দোকান বন্ধ কৰিবলৈ কোনো ধৰণৰ অনুৰোধ অহা নাছিল।

তাৰোপৰি কোনো সংগঠনৰ দ্বাৰা দোকান বা বজাৰ বন্ধ ৰাখিবলৈ কোনো জাননী দিয়া হোৱা নাছিল বুলিও ব্যৱসায়ী জনে ব্যক্ত কৰে। অনাজ মাণ্ডীৰ এজন ব্যৱসায়ী তেজপাল আৰোৰাই কয় যে তেওঁলোকৰ কোনো স্থানীয় সংগঠনৰ নেতাই আজি ভাৰত বন্ধ সফল কৰিবলৈ কোনো যোগাযোগ কৰা নাছিল।

তাৰোপৰি আজিৰ ভাৰত বন্ধ কোনেনো আহ্বান কৰিছে সেই বিষয়ে তেওঁলোকক  জনোৱা নাছিল বুলি ব্যৱসায়ী জনে কয়। সেইবাবে  আন দিনৰ দৰে দোকান খোলা ৰখা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে দিল্লীৰ এই অঞ্চলৰ সকলো দোকানেই কৃষক তথা কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ ব্যৱসায়ৰ ওপৰতেই নিৰ্ভৰশীল । উদাহৰণ স্বৰূপে খাৰি বাউলীত বিভিন্ন কৃষিজাত সামগ্ৰী ,দুগ্ধজাত সামগ্ৰী ,তৈলজাত সামগ্ৰীৰ এক বৃহৎ বজাৰ আছে।

প্ৰত্যেক দিনেই এই অঞ্চলৰ পৰা দেশৰ বিভিন্ন অঞ্চললৈ শস্য, তথা মছলাৰ ৮০-১০০ ট্ৰাক প্ৰেৰণ কৰা হয়। তাৰোপৰি নতুন দিল্লীৰ বৃহৎ ঔষধৰ বজাৰ ভাগীৰথ পেলেছতটো আজিৰ বন্ধৰ প্ৰভাৱ নপৰিল।

এই অঞ্চলত থকা কেইবা শ দোকান আজি সম্পূৰ্ণৰূপে খোলা থাকে। আনহাতে, এছিয়াৰ সৰ্ববৃহৎ ইলেকট্ৰনিক বজাৰ লাজপট ৰায় মাৰ্কেটো আজি সম্পূৰ্ণৰূপে  খোলা থাকে। (IANS)