বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / নতুন চিকিৎসা নীতিয়ে বিপদ মাতিব গঞাৰ

নতুন চিকিৎসা নীতিয়ে বিপদ মাতিব গঞাৰ

ইণ্ডিয়ান মেডিকেল এছ'ছিয়েছনৰ প্ৰতিবাদক সমৰ্থন এইমছৰ চিকিৎসকৰ

নতুন দিল্লী, ৮ ডিচেম্বৰ-ভাৰতৰ বিভিন্ন অংশৰ চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠানত কাম কৰা চিকিৎসকসকলে সদ্যহতে ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন নীতিৰ  বিৰুদ্ধে কৰা প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। তামিলনাডুৰ চৰকাৰী চিকিৎসক সন্থা আৰু এইমছৰ চিকিৎসক সকলে এই ক্ষেত্ৰত আগবাঢ়ি আহিছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২ লাখ  চিকিৎসকে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ নতুন স্বাস্থ্য তথা চিকিৎসা নীতিৰ বিৰুদ্ধে  এক শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ৷

 তাৰোপৰি প্ৰতিবাদকাৰীসকলে নতুন শিক্ষা নীতি ২০২০ ৰ কেইবাটাও দফাৰ প্ৰতিবাদ কৰিছে । আনহাতে, নীতি আয়োগৰ দ্বাৰা চিকিৎসা ,শিক্ষা, জনস্বাস্থ্য আৰু বিভিন্ন শিতান একেলগে সামৰি নতুন পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ বিষয়ে গ্ৰহণ কৰা প্ৰস্তাৱনাৰো  তীব্ৰ বিৰোধিতা কৰিছে। এইমছৰ ৰেছিডেন্স  ডক্টৰ এচ’ছিয়েছনৰ সভাপতি আদৰ্শ প্ৰতাপ সিঙে কয় যে চিকিৎসা বিজ্ঞানৰ  বিভিন্ন বিভাগ সামৰি এক সংহত পাঠ্যক্ৰম প্ৰস্তুত কৰিলে সাধাৰণ ৰোগীসকলৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি হ’ব পাৰে আৰু ইয়াৰ পৰা  হ’ব পৰা সাম্ভাৱ্য সমস্যাৰ বিষয়ে চৰকাৰ তথা নীতি আয়োগ সম্পূৰ্ণভাবে অৱগত নহয়।তেওঁ লগতে কয় যে বহু বছৰৰ গৱেষণা তথা কষ্টৰ ফলস্বৰূপে আধুনিক চিকিৎসা বিজ্ঞান আজি এই অৱস্থা পাইছেহি। চিকিৎসা বিজ্ঞানৰ এই যাত্ৰা আয়ুৰ্বেদৰ দৰে নহয় আৰু সেইবাবে এলোপেথিক চিকিৎসা শাস্ত্ৰক এনে বিভিন্ন ধৰণৰ বিকল্প চিকিৎসা শাস্ত্ৰৰ লগত সামৰি নতুন পাঠ্যক্ৰম  প্ৰস্তুত কৰা প্ৰচেষ্টাৰ তেওঁলোকে ঘোৰ বিৰোধিতা কৰে বুলি চিকিৎসক জনে কয়।

তাৰোপৰি ফেডাৰেচন অব ডক্টৰ এছ’চিয়েছনেও কয় যে আয়ুৰ্বেদৰ স্নাতকোত্তৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা বিভিন্ন ধৰণৰ চিকিৎসা বিদ্যা তথা অস্ত্ৰোপচাৰৰ বাবে অনুমতি দিয়া কাৰ্য সকলোৰে বাবে ভয়ংকৰ হ’ব পাৰে। এই দৰে  দেশৰ বিভিন্ন অংশৰ চৰকাৰী ,বেচৰকাৰী  খণ্ডত কৰ্মৰত চিকিৎসক সকলে কেন্দ্ৰীয় চৰকাৰৰ নতুন  চিকিৎসা বিজ্ঞানৰ নীতিৰ বিৰুদ্ধে মংগলবাৰৰ দিনটোত এক শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ (IANS)