সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / পাৱাৰ দুমুখীয়া !

পাৱাৰ দুমুখীয়া !

বিজেপিৰ বিৰূদ্ধে শাৰদ পাৱাৰৰ অভিযোগ

নতুন দিল্লী, ৮ ডিচেম্বৰ : দেশৰ বিভিন্ন অংশত কৃষকসকলৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি নীতিৰ বিৰূদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে এন চি পি দলৰ বৰ্ষীয়ান নেতা শাৰদ পাৱাৰে অভিযোগ কৰে যে বিজেপি দলে তেওঁৰ এক পত্ৰৰ বিকৃত বাখ্যা আগবঢ়াইছে ৷

উল্লেখযোগ্য যে পূৰ্বৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শাৰদ পাৱাৰে নিজৰ কাৰ্যকালত দেশৰ সকলো মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি APMCআইনৰ সংশোধন কৰি কৃষিত ব্যক্তিগত খণ্ডক আকোঁৱালি ল’বলৈ আহ্বান জনাইছিল বুলি বিজেপি দলে অভিযোগ কৰিছে ৷

২০১০চনত তদানীন্তন কেন্দ্ৰীয় কৃষিমন্ত্ৰী পাৱাৰে সেই সময়ৰ দিল্লীৰ মুখ্যমন্ত্ৰী শীলা দীক্ষিতলৈ লিখা এখন পত্ৰৰ উদ্ধৃতি দি বিজেপি দলে এই অভিযোগ কৰিছে ৷ গতিকে শাৰদ পাৱাৰে এতিয়া দুমুখীয়া নীতি অৱলম্বন কৰিছে বুলি বিজেপি দলে অভিযোগ কৰিছে ৷

সেই পত্ৰত উল্লেখ কৰা সকলো বিষয় এতিয়া নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱাত একেজন শাৰদ পাৱাৰে তীব্ৰ প্ৰতিবাদ কৰা বুলি বিজেপি দলে অভিযোগ কৰে ৷ আনহাতে, শাৰদ পাৱাৰে নিজৰ স্থিতি সমৰ্থন কৰি কয় যে তেওঁ ২০১০ৰ ওপৰিও ২০০৫ তথা ২০০৭ত এনে পত্ৰ লিখা কথাটো সত্য যদিও APMC আইন বাতিল কৰিব লাগে বুলি তেওঁ কেতিয়াও কোৱা নাছিল ৷

পাৱাৰৰ মতে প্ৰয়োজনীয় সংশোধন কৰি APMC আইন বাহাল ৰাখিবলৈ তেওঁ পৰামৰ্শহে দিছিল৷ বিজেপি দলে এতিয়া গোটেই বিষয়টোৰ পৰা ৰাইজৰ মনোযোগ আঁতৰাবলৈ এনে বিকৃত বাখ্যা আগবঢ়াইছে বুলি পাৱাৰে অভিযোগ কৰে ৷

আনহাতে, বিক্ষোভকাৰী কৃষকসকলক উদ্দেশ্যি কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে কয় যে ন্যুনতম সমৰ্থিত মূল্য ব্যৱস্থা পূৰ্বৰ দৰেই বাহাল থাকিব আৰু কৃষকসকলে ভুৱা প্ৰচাৰত ভোল যাব নালাগে ৷ (IANS)