সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / যাকে দিবলৈ কয় তাকে দিব

যাকে দিবলৈ কয় তাকে দিব

ভেকচিন সাজু,২৭ কোটি ভাৰতীয়ৰ ভিতৰত দিবলগীয়া জনক চৰকাৰে কৰিব নিৰ্বাচন

নতুন দিল্লী,৮ ডিচেম্বৰ : ক’ভিড মহামাৰীৰ প্ৰতিষেধক ইতিমধ্যে খুব কম দিনৰ ভিতৰতে বজাৰলৈ আহিব ৷ এই কথা ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত শুক্ৰবাৰেই প্ৰকাশ কৰাৰ পিছত আজি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তৰফৰ পৰা আজি এক বিজ্ঞপ্তি যোগে প্ৰকাশ কৰা হয় ৷

বিজ্ঞপ্তিত আৰু কোৱা হয় যে প্ৰথম অৱস্থাত সমগ্ৰ দেশৰ ৩০ কোটি লোকক এই ভেকচিন প্ৰদান কৰা হ’ব আৰ ইয়াৰে ২৭ কোটি সাধাৰণ জনতা, ১ কোটি স্বাস্থ্যখণ্ডৰ লগত জড়িত লোক আৰু দুই কোটি প্ৰথম শাৰীৰ যোদ্ধা ৷ প্ৰথম শাৰীৰ যোদ্ধাত সকলো ধৰণৰ আৰক্ষী,সেনাবাহিনীৰ লোক,গৃহৰক্ষীৰ জোৱান আদি  লোকক সাঙুৰি লোৱা হ’ব ৷

”এক কোটি স্বাস্থ্য কৰ্মীৰ ভিতৰত ব্যক্তিগত তথা চৰকাৰী খণ্ডৰ সকলো কৰ্মচাৰীক সাঙুৰি লোৱা হ’ব ৷ আনহাতে প্ৰথম শাৰীত পৌৰনিগমৰ কৰ্মচাৰী,চাফাই কৰ্মীৰ পৰা আৰম্ভ কৰি সকলো আৰক্ষী,অগ্নি নিৰ্বাপন,সেনা বাহিনী,গৃহৰক্ষী বাহিনীক অন্তৰ্ভুক্ত কৰা হ’ব ৷

আনহাতে, সাধাৰণ জনতাৰ ক্ষেত্ৰত ৫০ বছৰ বয়সৰ ওপৰৰ ব্যক্তিৰ লগতে ৰোগাক্ৰান্ত ৫০ বছৰ তলৰ ব্যক্তিক প্ৰাধান্য দিয়া হ’ব বুলি জনায় ৷

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয়”কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ লগত আলোচনা কৰি কোনখিনি লোকক আগত প্ৰতিষেধক প্ৰদান কৰিব সেই সিন্ধান্ত গ্ৰহণ কৰিব ৷

ভেকচিন ৰাখিবৰ বাবে শীতলীকৰণ ভঁৰালৰো ব্যৱস্থা কৰা হৈছে ৷ এতিয়ালৈকে ২৮,৯৪৭ টা শীতলীকৰণ ভঁৰাল ভেকচিন ৰখাৰ বাবে সাজু কৰা হৈছে ৷”  (IANS)