মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Education  / আমাৰ বয়স নাই…

আমাৰ বয়স নাই…

আকৌ পৰীক্ষা দি চাকৰি নলয় ত্ৰিপুৰাৰ শিক্ষকে

আগৰতলা,৯ডিচেম্বৰ: আদালতৰ এক  নিৰ্দেশ অনুসৰি চাকৰি হেৰুওৱা কেইবা হাজাৰ ত্ৰিপুৰাৰ শিক্ষকে আজি অৰ্থাৎ তৃতীয় দিনৰ বাবেও ধৰ্মঘট অব্যাহত ৰাখিছে ৷ এই শিক্ষকসকলে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ প্ৰস্তাৱো অগ্ৰাহ্য কৰে ৷ চৰকাৰে লিখিত ৰূপত এই শিক্ষকসকলৰ পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি নিদিয়ালৈকে আন্দোলন অব্যাহত থাকিব বুলি বিক্ষোভকাৰী শিক্ষকসকলৰ নেতৃত্বই স্পষ্ট কৰি  দিয়ে ৷ আনহাতে, মুখ্যমন্ত্ৰী দেৱে এই শিক্ষকসকলক সদ্যহতে খালী হৈ থকা বিভিন্ন চৰকাৰী বিভাগৰ ৯,০০০ পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈ নিযুক্ত হ’বলৈ আহ্বান জনাইছিল ৷

কিন্তু বিক্ষোভকাৰী শিক্ষকসকলৰ যুটীয়া আহ্বায়ক দালিয়া দাসে কয় যে এই শিক্ষকসকলে ইতিমধ্যে চৰকাৰী চাকৰিত কেইবা বছৰ ধৰি সেৱা আগবঢ়াই আহিছে তথা নতুন চাকৰিৰ বাবে বয়সৰ উৰ্দ্ধসীমাও অতিক্ৰম কৰাৰ ফলত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ সম্পূৰ্ণ আবাস্তব ৷ বিক্ষোভকাৰী শিক্ষকসকলৰ লগতে তেওঁলোকৰ হাজাৰ হাজাৰ পৰিয়ালৰ যথেষ্ট সমস্যা হৈছে বুলি আন এজন বিক্ষোভকাৰী নেতাই মন্তব্য কৰে ৷

ৰাজ্য চৰকাৰে পূৰ্বতে ৩৫,০০০ টকাৰ এককালীন সাহাৰ্য এই ৮,৮৮২ বিক্ষোভকাৰী শিক্ষকলৈ আগবঢ়াইছিল ৷ শিক্ষামন্ত্ৰী ৰতন লাল নাথে পূৰ্বৰ চৰকাৰৰ ভুলৰ বাবে এই অৱস্থাৰ সৃষ্টি হৈছে বুলি অভিযোগ তুলিছে ৷ কিন্তু ইয়াৰ বিপৰীতে পূৰ্ব মুখ্যমন্ত্ৰী মানিক চৰকাৰে তেওঁলোকৰ দিনত ১৩,০০০ নতুন পদবী এই শিক্ষকসকলৰ বাবে সৃষ্টি কৰা হৈছিল বুলিহে মন্তব্য কৰে ৷