শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘আৰু অন্যায় নহয়’

‘আৰু অন্যায় নহয়’

বিজেপিয়ে এইবাৰ পশ্চিমবংগত আৰম্ভ কৰিছে এক অভিযান নাম যাৰ ' আৰু অন্যায় নহয়’

কলকাতা,৯ ডিচেম্বৰ : বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জগৎ প্ৰকাশ নাড্ডাই আজি দুদিনীয়া ভ্ৰমণসূচী লৈ কলকাতাত উপস্থিত হৈছেহি ৷ এই ভ্ৰমণৰ মুখ্য উদ্দেশ্য হৈছে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ আগতে দলৰ ভেটি সমগ্ৰ ৰাজ্যতে মজবুত কৰাৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰা ৷

এই ভ্ৰমণৰ সময়চোৱাত তেওঁ সমগ্ৰ ৰাজ্যত  মুুুঠ ন টা দলীয় কাৰ্যালয় মুকলি কৰিব ৷ তদুপৰি তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ সমষ্টি ভৱানীপুৰত “আৰু নহয় অন্যায়” নামৰ এক অভিযানৰ শুভাৰম্ভ কৰিব ৷

ইয়াৰোপৰি এই ভ্ৰমণৰ সময়তে  নাড্ডাই কালিঘাট মন্দিৰত পূজা দিব আৰু বস্তি অঞ্চলৰ লোকক সাক্ষাৎ কৰিব ৷ নাড্ডাই আজি সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰত প্ৰৱেশ কৰাৰ মূহূৰ্তত তেওঁক ঢাক বজাই আদৰণি জনোৱা হয় ৷

ইয়াৰ পিছতেই তেওঁ হাষ্টিং অঞ্চলত বিজেপিৰ কাৰ্যালয় মুকলি কৰে আৰু দলৰ বাকী কাৰ্যালয় সমূহৰ ভাৰ্চুৱেলি শুভাৰম্ভ কৰে ৷ বৃহস্পতিবাৰে নাড্ডাই ২৪ পৰাগনা জিলাৰ ডায়মণ্ড হাৰবাৰত এক জনসমাৱেশত অংশ ল’ব ৷ তদুপৰি ৰামকৃষ্ণ আশ্ৰমত উপস্থিত হৈ সেৱা আগবঢ়াব বুলিও দলীয় সূত্ৰই প্ৰকাশ কৰিছে ৷ (IANS)