শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Neighbours  / Bangladesh  / গণহত্যা অক্ষমণীয়

গণহত্যা অক্ষমণীয়

পাকিস্তানী দখলদাৰী বাহিনীয়ে চলাইছিল গণহত্যা

ঢাকা ,৯ ডিচেম্বৰ– বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই  কয় যে ১৯৭১ চনৰ ২৫ মাৰ্চত পাকিস্তানৰ দখলদাৰী বাহিনীয়ে সেই সময়ৰ পূব পাকিস্তানৰ সাধাৰণ নাগৰিকৰ বিৰুদ্ধে গণহত্যাৰ অভিযান আৰম্ভ কৰিছিল।

এই গণহত্যাৰ উদ্দেশ্য আছিল বঙালী জাতীয়তাবাদক দমন কৰা আৰু বঙালী সকলৰ স্বতন্ত্ৰ অধিকাৰৰ বাবে তথা নিজৰ সুৰক্ষাৰ বাবে কৰা নায্য দাবী মষিমূৰ কৰা। হাছিনাই এই প্ৰসংগত সকলোকে ভৱিষ্যতে যাতে কোনে গণহত্যাত লিপ্ত নহয়, তাৰবাবে সংকল্প ল’বলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰোমন্থন কৰে যে ১৯৭১চনত বাংলাদেশৰ সাধাৰণ নাগৰিকৰ ওপৰত কৰা অত্যাচাৰে এই ঘৃণনীয়  কাৰ্যত লিপ্ত হোৱা সকলৰ বিৰুদ্ধে ন্যায়িক শাস্তি দাবী কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে।

‘ইণ্টাৰনেশ্যনেল ডে অব কমিউনেল  ভিক্তিম অফ ক্ৰাইম ‘ দিবসৰ লগত সংগতি ৰাখি গণহত্যাৰ বিৰুদ্ধে বিশ্বজুৰি হোৱা  প্ৰতিবাদৰ বিষয়ে উল্লেখ কৰি বাংলাদেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে কয় যে বাংলাদেশে পৃথিৱীৰ অন্যান্য দেশৰ লগতে বিশ্বৰ যিকোনো ঠাইত হোৱা গণ হত্যাৰ তীব্ৰ বিৰোধিতা কৰে আৰু এনে ধৰণৰ কাৰ্য বাধা দিবলৈ বাংলাদেশ  বদ্ধপৰিকৰ।

বাংলাদেশ পৃথিৱীৰ সেই মুষ্টিমেয় দেশৰ ভিতৰত পৰে, যি নিজৰ জন্ম ক্ষণত ভয়ংকৰ গণহত্যাৰ বলি হৈছিল বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে এনে ধৰণৰ গণ হত্যাৰ প্ৰকৃত কাৰণ নিৰূপণ কৰি গনহত্যা যাতে পৃথিৱীৰ কোনো ঠাইতে ভৱিষ্যতে হ’ব নোৱাৰে, তাৰ ব্যৱস্থা কৰিবলৈ  আন্তৰাষ্ট্ৰীয় সাম্প্ৰদায়ক শ্বেইখ হাছিনাই আহ্বান জনায় ৷

১৯৭১ চনৰ গণহত্যাৰ বলি হোৱা বাংলাদেশৰ সাধাৰণ নাগৰিকসকলৰ প্ৰতি  শ্রদ্ধা নিবেদন কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰত্যেক বছৰৰ  ২৫ মাৰ্চ তাৰিখটো বাংলাদেশৰ সংসদে ‘গণহত্যা দিৱস’ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই দিনটোত পৃথিৱীৰ বিভিন্ন ঠাইত বসবাস কৰা বাংলাদেশ মূলৰ লোকসকলে তেওঁলোকৰ পূৰ্ব পুৰুষে কৰা ত্যাগৰ কথা স্মৰণ কৰে।  (IANS)