বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / গেহলট -পাইলটৰ যুঁজ চলিয়েই আছে

গেহলট -পাইলটৰ যুঁজ চলিয়েই আছে

ৰাজস্থানৰ কংগ্ৰেছ দলত বিসম্বাদ অব্যাহত

জয়পুৰ,৯ ডিচেম্বৰ — কিছুদিন আগতে গুৰুতৰ ৰূপ ধাৰণ কৰা ৰাজস্থান কংগ্ৰেছৰ আভ্যন্তৰীণ বিদ্ৰোহৰ জুইৰ অগনি পুনৰ পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী অশোক গেহলটে চিৰোহি জিলাত দলৰ এটা কাৰ্যালয় উদ্বোধন কৰি কয় যে কিছুদিন আগতে দলৰ জ্যেষ্ঠ নেতা সকলৰ প্ৰচেষ্টাত বিদ্ৰোহৰ শাম কাটিছিল যদিও বিৰোধী দল বিজেপিয়ে পুনৰ তেওঁৰ চৰকাৰ ভংগ কৰিবলৈ চেষ্টা চলাই আছে। কংগ্ৰেছৰ বিদ্ৰোহী নেতাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী জনে কয় যে পূৰ্বৰ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতিজনে তথা তেওঁৰ সহযোগী শচীন পাইলট আৰু অন্যান্য নেতা সকল যেনে ৰমেশ মিনা ,বিশেন্দ্ৰ সিং ইত্যাদিয়ে এই বিদ্রোহতঅংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকক দলৰ পৰা নিলম্বিত কৰা হৈছিল।

আনহাতে, এই বিদ্ৰোহৰ সময়ত শচীন পাইলটে তেওঁৰ ঘনিষ্ঠ ১৮ জন বিধায়কৰ সৈতে মানেশ্বৰ অভিমুখে যাত্ৰা কৰি গেহলটৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই জ্বলাইছিল। এতিয়া মুখ্যমন্ত্ৰী গেহলটৰ এনে মন্তব্যই পুনৰ বিদ্ৰোহৰ উকমুকনিৰ ইংগিত দিয়া বুলি সকলোৱে ক’ব খোজে ।কংগ্ৰেছ দলৰ একাংশই ক’ব খোজে যে মুখ্যমন্ত্ৰীজনে সদ্যহতে তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণতহে গুৰুত্ব আৰোপ কৰিছে আৰু সেইবাবে তেওঁ পূৰ্বৰ উপ মুখ্যমন্ত্ৰী তথা বিদ্ৰোহী নেতা শচীন পাইলট আৰু তেওঁৰ সহযোগী সকলক নতুন কেবিনেটত স্থান নিদিবৰ বাবেই এনে ইংগিত দিছে।আনহাতে, বুধবাৰে হৈ যোৱা পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে বিজেপিৰ হাতত শোচনীয় ভাৱে পৰাস্ত হোৱা কাৰ্যই দলটোক যথেষ্ট অস্বস্তিত পেলাইছে। ৰাজস্থানৰ নেতৃত্বত থকা জনপ্ৰিয় নেতা অজয় মাকেনে মুখ্যমন্ত্ৰী গেহলটৰ এই মন্তব্যৰ পিছতে কয় যে শচীন পাইলট দলৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ নেতা তথা সম্পদ আৰু ৰাজস্থান চৰকাৰ সম্পূৰ্ণ নিৰাপদ। অজয় মাকেনৰ এনে মন্তব্যৰ পিছত তেওঁ মুখ্যমন্ত্ৰী অশোক গেহলটৰ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰা বুলি ৰাজনৈতিক মহলে ক’ব খোজে ।

তাৰ উপৰি মুখ্যমন্ত্ৰী গেহলট আৰু কংগ্ৰেছৰ হাইকামাণ্ডৰ মাজত হয়তো সমন্বয়হীনতাৰ সৃষ্টি হৈছে বুলি একাংশই ক’ব খোজে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী গেহলটে শচীন পাইলট কংগ্ৰেছ দললৈ পুনৰ ঘূৰি যোৱাৰ পিচত হাইকামাণ্ডক এবাৰো লগ কৰা নাই। আনহাতে, কেন্দ্ৰীয় নেতৃত্বই গেহলটৰ অনুগামী বুলি পৰিচিত অবিনাশ পাণ্ডেক আঁতৰাই অজয় মাকেনক ৰাজস্থান কংগ্ৰেছ দলৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। তাৰোপৰি শচীন পাইলট আৰু অনুগামী সকলৰ অভিযোগৰ ভিত্তিত কে চি বেনু গোপাল,অজয় মাকেন আৰু আহমেদ পেটেলৰ নেতৃত্বত তিনিজনীয়া কমিটিও  গঠন কৰা হৈছিল। 

 উল্লেখযোগ্য যে বিদ্ৰোহৰ সময়ত মুখ্যমন্ত্ৰী গেহলটে শচীন পাইলটক নিকাম্মা আৰু অলাগতিয়াল বুলি তীৰ্যক মন্তব্য কৰিছিল। কিন্তু পিছত কেন্দ্ৰীয়  নেতৃত্বৰ হস্তক্ষেপত শচীন পাইলট পুনৰ কংগ্ৰেছ দললৈ উভতি আহে। শচীন পাইলটৰ পুনৰ আগমনৰ পিছতে মুখ্যমন্ত্ৰী গেহলট আৰু পাইলটৰ মাজত শীতল যুদ্ধ চলি থকাৰ যথেষ্ট ইংগিত পোৱা গৈছে। আগন্তুক দিনত এই বিদ্ৰোহে পুনৰ কেনে ৰূপ লয় ,সেইটো লক্ষণীয় হ’ব। (IANS)