শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Lifestyle  / জীৱনসংগী নিজৰ পচন্দৰ হ’লে ভাল

জীৱনসংগী নিজৰ পচন্দৰ হ’লে ভাল

৮১ শতাংশ মহিলাই নিজৰ জীৱন সংগী নিৰ্বাচনত নিজৰ নিয়ন্ত্ৰণ বিচাৰে

নতুন দিল্লী, ৯ ডিচেম্বৰ – জীৱনসংগী নিৰ্বাচন কৰাটো ভাৰতৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটো সফল কৰাত দূৰ সম্পৰ্কীয় লোক বা চুবুৰীয়া সকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷ বিবাহযোগ্য ল’ৰা এটা বা ছোৱালী এজনীৰ কাৰণে উপযুক্ত জীৱন সংগী নিৰ্বাচনত এই লোকসকলে যথেষ্ট গুৰুত্ব দিয়ে।

আনহাতে এই সমগ্ৰ প্ৰক্ৰিয়াটোত অবিবাহিত লোকসকল বিশেষকৈ ছোৱালীৰ ওপৰতো যথেষ্ট চাপ সৃষ্টি কৰা দেখা যায় । এই  সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে বিশদ ভাবে জানিবলৈ ‘ছাদী ডট কমে’ সমগ্ৰ দেশজুৰি এক সমীক্ষা তথা অধ্যয়ন চলাইছিল আৰু এই অধ্যয়নৰ যোগেদি ‘ছাদী ডট কমে’ ভাৰতীয় মহিলা সকলে তেওঁলোকৰ জীৱন সংগী নিৰ্বাচনত কেনে ভূমিকা গ্ৰহণ কৰিব বিচাৰে ,সেই  বিষয়ে অধ্যয়ন কৰিছিল।

এই অধ্যয়নে প্ৰকাশ কৰিছে যে ৮১ শতাংশ ভাৰতীয় মহিলাই জীৱন সংগী নিৰ্বাচন কৰোতে নিজৰ পচন্দ অপচন্দৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়াটো বিচাৰে ৷ জীৱন সংগী নিৰ্বাচনৰ তথাকথিত প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া বা চাপ সৃষ্টি কৰা বুলি গৰিষ্ঠ সংখ্যক ছোৱালীয়ে মত প্ৰকাশ কৰে।

আনহাতে এই অধ্যয়নত প্ৰকাশ পায় যে এক তৃতীয়াংশ মহিলা/ছোৱালীয়ে তেওঁলোকৰ পৰিয়ালৰ সম্পৰ্কীয় লোকসকল জীবন সঙ্গী নিৰ্বাচনৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত থাকিলে , বিবাহৰ ক্ষেত্ৰত অত্যন্ত চাপৰ সম্মুখীন হয় বুলি প্ৰকাশ কৰে। আনহাতে ৫৪ শতাংশ যুৱতীয়ে জীৱন সংগী নিৰ্বাচন কৰোতে কোনো ধৰণৰ ব্যক্তিগত ভূমিকা গ্ৰহণ কৰিবলৈ নোপোৱা বুলি অভিযোগ কৰে।

আন ৪৫ শতাংশ মহিলাই ভাবে যে তেওঁলোকৰ দুৰ সম্পর্কীয় পৰিয়ালৰ লোক সকল যেতিয়া সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ  পৰে ,তেওঁলোকে মহিলা গৰাকীৰ ক্ষেত্ৰত অত্যন্ত বেছি চাপৰ সৃষ্টি কৰে।

২৫ ৰ পৰা ৩৪ বয়সীয়া সৰহ সংখ্যক মহিলাই তথা ছোৱালীয়ে এই সমীক্ষাত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকে জীৱন সংগী নিৰ্বাচন কৰোতে নিজৰ তথা পিতৃ মাতৃৰ ভূমিকা সৰ্বাধিক হোৱাটো বিচাৰিছিল। তাৰোপৰি সচৰাচৰ জীৱন সংগী নিৰ্বাচন কৰা  প্ৰক্ৰিয়াৰ দ্বাৰা যথেষ্ট বাহ্যিক চাপৰ সৃষ্টি হোৱা বুলি ৮৫ শতাংশ মহিলাই মত প্ৰকাশ কৰে আৰু সেই বাবে আজিকালি অন লাইন বিবাহ সংগী নিৰ্বাচন কৰাত গুৰুত্ব আৰোপ  কৰে বুলিও উল্লেখ কৰে ৷

‘ ছাদী ডট কম’ৰ জ্যেষ্ঠ সঞ্চালক আদি জাভেৰিয়ে এই সমীক্ষাৰ বিষয়ে কয় যে আজিৰ দিনত যি সকল অবিবাহিত লোক, তেওঁলোকে নিজৰ জীৱন সংগী কেনে হোৱাতো বিচাৰে সেইবিষয়ে যথেষ্ট এক নিশ্চিত ধাৰণা আছে।

সমাজত প্ৰচলিত পুৰণি কলীয়া জীৱন সংগী নিৰ্বাচন প্ৰক্ৰিয়াত এগৰাকী মহিলাৰ নিজস্ব পচন্দ অপচন্দৰ বিষয়টোত বৰ বেছি গুৰুত্ব দিয়া নহয় তথা পৰিয়াল , দূৰসম্পৰ্কীয় লোক সকলে যথেষ্ট চাপৰ সৃষ্টি কৰে ।

আনহাতে ‘ছাদী ডট কম’ ৰ জৰিয়তে তেওঁলোকে এগৰাকী মহিলাক তেওঁৰ নিজস্ব পচন্দ অপচন্দৰ লগত সামঞ্জস্য ৰাখি আৰু ব্যক্তিগত মতামতত প্ৰাধান্য দি নিজৰ জীৱন সংগী নিৰ্বাচন প্ৰক্ৰিয়াত সহায় কৰিব পাৰিছে বুলিও তেওঁ উল্লেখ কৰে। (IANSlife)