মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Sports  / Cricket  / পাৰ্থিৱে সামৰিলে ক্ৰিকেটাৰ জীৱন

পাৰ্থিৱে সামৰিলে ক্ৰিকেটাৰ জীৱন

সকলোকে কৃতজ্ঞতা জনাই ১৮ বছৰীয়া ক্ৰিকেট জীৱন সামৰিলে পাৰ্থিৱ পেটেলে

নতুন দিল্লী,৯ ডিচেম্বৰ : উইকেট কীপাৰ তথা বেটচ্ মেন পাৰ্থিব পেটেলে আজি ক্ৰিকেটৰ জগতৰ পৰা অৱসৰ গ্ৰহণৰ কথা ৰাজহুৱা কৰে ৷ সামাজিক মাধ্যম যোগে তেওঁ এই বিষয়টো ৰাজহুৱা কৰি লিখে “১৮ বছৰীয়া ক্ৰিকেটৰ যাত্ৰা সামৰাৰ সিন্ধান্ত ল’লো ৷”১৭ বছৰ বয়সত প্ৰথম আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ লোৱা পাৰ্থিৱ পেটেলে জীৱনৰ প্ৰথম টেষ্ট শৃংখলাত অংশ লৈছিল ইংলেণ্ডৰ বিৰুদ্ধে ৷

তেওঁ ক্ৰিকেটৰ আন্তৰাষ্ট্ৰীয় মেচত  প্ৰথমবাৰ অংশ লৈছিল ২০০২ চনত ৷ এতিয়ালৈকে তেওঁ ২৫ খন টেষ্ট শৃংখলা,৩৮ খন এদিনীয়া আন্তৰ্জাতিক মেচ আৰু ২ খন টি টুৱেণ্টি মেচত অংশগ্ৰহণ কৰিছে ৷ ২০১৮ চনৰ জানুৱাৰীত তেওঁ জোহান্সবাৰ্গত শেষৰ খন আন্তৰ্জাতিক টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিছিল ৷

“আজি মোৰ ক্ৰিকেট জীৱনৰ শেষ দিনটোত উপনীত হৈ মোৰ অতীতলৈ যেতিয়া উভতি চাইছোঁ মই অনুভৱ কৰিছোঁ মোৰ দেউতাৰ অৱদান,এই সমগ্ৰ সময়ছোৱাত মোক দেউতাৰ আৰ্শীবাদে উৎসাহিত কৰি আহিছে” -এনেদৰে কয় পেটেলে ৷

” আজি মই সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ সময়ত সকলোৰে উৎসাহ অনুপ্ৰেৰণাবোৰে মোক আমনি কৰিছে” -পুনৰ এনেদৰে আৱেগিক মন্তব্য কৰে পেটেলে ৷

তেওঁ বিজয় হাজাৰে ট্ৰফীত গুজৰাটক প্ৰতিনিধিত্ব কৰি দলটোক এক অপ্ৰত্যাশিত জয়ৰ সোৱাদ দিবলৈ সক্ষম হৈছিল ৷ ৰঞ্জী ট্ৰফী ফাইনেলত  গুজৰাট দলক প্ৰতিনিধিত্ব কৰি মুম্বাইৰ বিৰুদ্ধে তেওঁ ১৪৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

“মই গুজৰাট ক্ৰিকেট এচ’ছিয়েছনৰ ওচৰত চিৰকৃতজ্ঞ ৷ কাৰণ মাত্ৰ সোতৰ বছৰ বয়সত এচ’ছিয়েছনে মোৰ দৰে সৰু ল’ৰা এটাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি  ক্ৰিকেট বিশ্বত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মোক প্ৰেৰণা যোগাইছিল”- এনেদৰে কৃতজ্ঞতা প্ৰকাশ কৰে পেটেলে ৷

বাওঁহতীয়া বেটছমেন জনে প্ৰথম শ্ৰেণীৰ  ১৯৪ খন এদিনীয়াত অংশ লৈছিল আৰু প্ৰায় ১১,০০০ ৰাণ সংগ্ৰহ কৰিছিল ৷ তেওঁ ক্ৰিকেটৰ জীৱনত ২৭ টা শতক আৰু ৬৭ টা অৰ্ধশতক কৰিবলৈ সক্ষম হৈছিল ৷ (IANS)

Parthiv Patel