বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / হতাশাক আশালৈ পৰিবৰ্তন কৰিছে কিৱিয়ে

হতাশাক আশালৈ পৰিবৰ্তন কৰিছে কিৱিয়ে

গছ ৰুই ভবিষ্যতৰ সোণালী সপোন ৰচিছে নিউজিলেণ্ডৰ জনতাই

নতুন দিল্লী, ৯ ডিচেম্বৰ – ২০২০ বৰ্ষটো বিশ্বৰ অন্যান্য দেশৰ লগতে নিউজিলেণ্ডবাসীৰ বাবেও যথেষ্ট প্ৰত্যহ্বান তথা হতাশাগ্ৰস্ত বৰ্ষ হিচাপে বিবেচিত হৈছে। কিন্তু নিউজিলেণ্ডবাসীয়ে বিশেষকৈ ইয়াৰ পৰ্যটন উদ্যোগে এতিয়া এই বছৰটো আশাৰ বছৰ হিচাপে পৰিণত কৰিবৰ বাবে চেষ্টাৰ ক্ৰুটি কৰা নাই । এক অন্যন্য  প্ৰশংসনীয় ভূমিকা গ্ৰহণ কৰি দেশখনৰ চৰকাৰী তথা বেচৰকাৰী সংস্থা সমূহে দহ নিউজিলেণ্ড ডলাৰত এজোপা স্থানীয় গছৰ পুলি ক্ৰয় কৰি গছ ৰোপণ কৰি পাৰ হৈ যোৱা বছৰটোক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে।

বিশেষকৈ বিদেশী ভ্ৰমণকাৰীসকলে যেতিয়া পুনৰ এই দেশখন ভ্ৰমণ কৰিব, তেতিয়া ২০২০ ত ৰোৱা এই বিশেষ গছজোপাৰ স্মৃতি ৰোমন্থন কৰিব বুলি প্ৰচাৰ কৰা হৈছে। কুইনছ টাউন আৰু নৰ্থলেণ্ডত এই পদক্ষেপে যথেষ্ট আকৰ্ষণীয় পৰিৱেশৰ সৃষ্টি কৰিছে। এই প্ৰক্ৰিয়াটোক ‘ফৰেষ্ট অফ হ’প’ বুলি ঘোষণা কৰি নিউজিলেণ্ডৰ স্থানীয় সময় মতে দুই ডিচেম্বৰৰ পুৱা আৰম্ভ কৰা হৈছে আৰু এই গোটেই প্ৰক্ৰিয়াটো ২০২০ৰ ৩১ ডিচেম্বৰত অন্ত পৰিব। এটা বেচৰকাৰী সংগঠনৰ প্ৰচেষ্টাৰে আৰম্ভ হোৱা এই প্ৰক্ৰিয়াটোত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে ২০১৬ চনৰ নৱেম্বৰ মাহত আৰম্ভ কৰা ‘ত্ৰীজ দেট কাউন্ট’ নামৰ বেচৰকাৰী সংস্থাটোৱে ।তেওঁলোকৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশতে ২০০ মিলিয়ন স্থানীয় ভাবে উপলব্ধ হোৱা গছৰ পুলি ৰোপণ কৰা ৷ ইতিমধ্যে তেওঁলোকে প্ৰায় ৩২ কোটি গছ ৰোপণ কৰিছে আৰু  এই  সংখ্যাই  প্ৰকৃতিপ্ৰেমীসকলক যথেষ্ট আনন্দিত কৰিছে ৷

 বিগত ৫০ বছৰত নিউজিলেণ্ডৰ স্থানীয় গছবোৰৰ বায়ুমণ্ডলত প্ৰদূষণ সৃষ্টি কৰা কাৰ্বন ডাই অক্সাইড গেছ শোধন কৰাৰ যথেষ্ট ক্ষমতা থকা বুলিও প্ৰমাণিত হৈছে। ‘ত্ৰীজ ডেট কাউন্ট’ হৈছে নিউজিলেণ্ডৰ বাসিন্দাসকলৰ দ্বাৰা দেশৰ সচেতন নাগৰিকসকল তথা পৰ্যটক সহযোগত এখন সেউজ নিউজিলেণ্ডক আগন্তুক দিনত উপহাৰ দিবলৈ চেষ্টা কৰা সংস্থা ৷ এই পদক্ষেপৰ যোগেদি নিউজিলেণ্ডে সমগ্ৰ বিশ্ববাসীক এক প্ৰশংসনীয় বাৰ্তা দিয়াৰ উপৰিও পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰাত যথেষ্ট সহায় কৰিব।

এই বিষয়ে বৰ্ণনা কৰি ‘ত্ৰীজ ডেট কাউন্ট’ৰ মুখ্য কাৰ্যবাহী বিষয়া এডেলী খ্ৰীছ পেট্ৰিকে কয় যে  নিউজিলেণ্ড পৰ্যটন বিভাগৰ সহযোগত আৰম্ভ কৰা এই কাৰ্যসূচীয়ে ইতিমধ্যে বিশ্বব্যাপী যথেষ্ট সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে আৰু ই এক বাৰ্তা প্ৰেৰণ কৰিব যে স্থানীয়ভাবে উপলব্ধ হোৱা এই গছ সমূহ নিউজিলেণ্ডৰ ঐতিহ্য,সংস্কৃতি আৰু ভৱিষ্যতৰ সৈতে জড়িত হৈ আছে। স্থানীয় এই  গছসমূহে পৰিবেশ প্ৰদূষণৰ বিৰুদ্ধে এক যুঁজ দিয়াত সহায়ক হোৱাৰ ওপৰিও ২০২০ৰ চনৰ দৰে  হতাশাৰে ভৰা এটা বছৰ ভৱিষ্যত প্ৰজন্মৰ বাবে যাতে আশাৰ বছৰলৈ ৰূপান্তৰিত কৰিব পৰা যায়,তাৰে প্ৰয়াস কৰা হৈছে বিষয়াজনে উল্লেখ কৰে ৷ (IANSlife)