সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / উপমুখ্যমন্ত্ৰীৰ ঘৰত আক্ৰমণ

উপমুখ্যমন্ত্ৰীৰ ঘৰত আক্ৰমণ

আপৰ মতে 'আক্ৰমণ' বিজেপিৰ মতে 'ধৰ্ণা'

নতুন দিল্লী, ১০ ডিচেম্বৰ: দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আপৰ শীৰ্ষ নেতা মণীষ ছিচোদিয়াৰ বাসভৱন বিজেপি দলৰ গুণ্ডাই আক্ৰমণ কৰা বুলি আপ দলে এক গুৰুতৰ অভিযোগ উথাপন কৰিছে ৷

ইয়াৰ বিপৰীতে বিজেপি দলে তেওঁলোকৰ প্ৰতিবাদ সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল বুলিহে স্পষ্টীকৰণ দিছে ৷ দিল্লী আৰক্ষীয়ে ইতিমধ্যে এই সংক্ৰান্তত এক গোচৰ ৰজু কৰিছে ৷

উল্লেখযোগ্য যে বিজেপিৰ সদস্যসকলে আপ দলৰ চৰকাৰৰ দ্বাৰা বিজেপি দলৰ পৌৰপতি তথা পৌৰসভাৰ নেতাসকলক হত্যাৰ পৰিকল্পনা তথা কেজৰিৱাল চৰকাৰৰ পৰা এই ক্ষেত্ৰত অনাদায় হৈ থকা পুঁজি মুকলি কৰাৰ দাবীৰে মণীষ ছিচোদিয়াৰ বাসভৱনৰ কাষত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল ৷

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইতিমধ্যে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে ৷ দিল্লী আৰক্ষীৰ এক বিবৃতিত এই সংক্ৰান্তত এক গোচৰ ৰজু কৰা হৈছে বুলি উল্লেখ কৰিলেও ছিচোদিয়াৰ বাসভৱনৰ চৌহদৰ প্ৰবেশদ্বাৰ ভঙা হোৱা নাই বুলিহে কয় ৷

যদিও দিল্লী আৰক্ষীৰ দ্বাৰা বিজেপি কৰ্মীসকলক ছিচোদিয়াৰ বাসভৱনৰ কাষত ধৰ্ণা দিবলৈ অনুমতি দিয়া হোৱা নাছিল,তথাপিও প্ৰায় ১৫০ জন বিজেপি কৰ্মীয়ে আপ দলৰ শীৰ্ষ নেতাজনৰ বাসভৱনত প্ৰবেশৰ চেষ্টা চলাইছিল ৷ দিল্লী আৰক্ষীয়ে ইতিমধ্যে এই সংক্ৰান্তত ৬ জন লোকক আটক কৰিছে ৷ (IANS)