বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Education  / চিন্তা নাই,সকলো উত্তীৰ্ণ হ’ব

চিন্তা নাই,সকলো উত্তীৰ্ণ হ’ব

ব’ৰ্ডৰ পৰীক্ষা মাৰ্চত নহয়

নতুন দিল্লী,১০ ডিচেম্বৰ : ক’ভিডৰ বাবে চলিত বৰ্ষত ছাত্ৰছাত্ৰীৰ সম্পূৰ্ণ এটা শিক্ষাবৰ্ষ হেৰুওৱাৰ উপক্ৰম হৈছিল যদিও অনলাইন শিক্ষাৰ জৰিয়তে শিক্ষাবৰ্ষটোত শ্ৰেণীত নহ’লেও ঘৰৰ পৰাই শিক্ষা গ্ৰহণৰ এক বিকল্প পদ্ধতিৰ জৰিয়তে পাঠদান অব্যাহত ৰখাৰ ব্যৱস্থা কৰিছে শিক্ষা বিভাগে ৷

ঠিক এনে সময়তে চূড়ান্ত বৰ্ষৰ ছাত্ৰছাত্ৰী আৰু অভিভাৱকৰ মাজত এক অনিশ্চয়তা আৰু শংকাৰ ভাৱে গা কৰি উঠাৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পখৰিয়াল নিশাংকে আজি ভাৰ্চুৱেলি এক লাইভ অনুষ্ঠানত অংশ লয় আৰু দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰছাত্ৰী তথা অভিভাৱকৰ লগত বাৰ্তালাপত অংশগ্ৰহণ কৰে ৷

এই লাইভ অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী গৰাকীয়ে কয়”এইবাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰছাত্ৰীয়ে নিজৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে যথেষ্ট সময় পাব ৷

আগৰ বছৰবোৰৰ দৰে এইবাৰো মাৰ্চ মাহতেই পৰীক্ষা প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগিব বুলি কোনো নিৰ্দেশ প্ৰদান কৰা হোৱা নাই ৷

তদুপৰি এইবাৰ ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা হৈছে ৷ প্ৰেক্টিকেলৰ পৰীক্ষা যিহেতু বিদ্যালয়তে অনুষ্ঠিত হ’ব সেয়ে ইয়াৰ লিখিত পৰীক্ষাৰ লগত একে তাৰিখতে অনুষ্ঠিত হোৱাৰ অৱকাশ নাথাকিব ৷

“বিদ্যালয় খোলাৰ বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সম্পূৰ্ণ ক’ভিড নীতি নিৰ্দেশনা মানি চলিহে বিদ্যালয় সমূহ খোলা হ’ব তদুপৰি বিদ্যালয় খোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আজিৰ এই লাইভ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয়”এইবাৰ নম্বৰ তালিকাত অনুত্তীৰ্ণ বা ফেইল বুলি কেটাগৰী নাথাকিব ৷” (IANS)