বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / তথ্য দিয়ক আৰু ধন লওক

তথ্য দিয়ক আৰু ধন লওক

ঝাৰখাণ্ড আৰক্ষীৰ নিদ্ৰা হৰিছে মাওবাদীয়ে

ৰাঁচী,১০ ডিচেম্বৰ : ঝাৰখাণ্ড আৰক্ষীয়ে ৰাজ্যখণ্ডত সক্ৰিয় হৈ থকা বাৰটা মাওবাদী গেৰিলাৰ তথ্য দিব পৰা লোকলৈ দহ লাখ টকাৰ পৰা এক কোটি টকালৈকে নগদ ধন পুৰস্কাৰ হিচাপে ঘোষণা কৰিছে ৷

আজি ঝাৰখাণ্ড আৰক্ষীৰ তৰফৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত আৰক্ষীৰ ফালৰ পৰা জনোৱা হয় যে মুঠ ৬ জন মাওবাদী গেৰিলাৰ তথ্য দিব পৰা লোকক প্ৰতি জনৰ তথ্যৰ বিনিময়ত এক কোটি টকা আগবঢ়োৱা হ’ব ৷

দ্বিতীয় পৰ্যায়ৰ মাওবাদীৰ বাবে ২৫ লাখ টকা,তৃতীয় পৰ্যায়ৰ বাবে১৫ লাখ আৰু চতুৰ্থ পৰ্যায়ৰ বাবে ১০ লাখ নগদ ধন পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ’ব ৷

প্ৰেছ বিজ্ঞপ্তিটোত আৰক্ষী থানাৰ বিষয়াৰ নম্বৰো উল্লেখ কৰা হৈছে ৷ ৰাজ্যখনৰ মুঠ ২৪ খন জিলাৰ ১৮ খন জিলাতেই মাওবাদীৰ কাৰ্যকলাপ অব্যাহত আছে আৰু এনে কাৰ্যকলাপে আৰক্ষীৰ নিদ্ৰাহৰণ কৰিছে ৷ (IANS)