বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / তুমি – মই এদিন ঘৰ সাজিম..

তুমি – মই এদিন ঘৰ সাজিম..

ঘৰৰ চিন্তাতেই সন্তানৰ কথা নাভাৱে দক্ষিণ কোৰিয়াৰ দম্পতীয়ে

ছিউল,১০ ডিচেম্বৰ:দক্ষিণ কোৰিয়াৰ নৱবিবাহিত দম্পতী সকলৰ মাজত শেহতীয়াকৈ এক ডাঙৰ সমস্যাই দেখা দিছে ৷ সেইয়া হ’ল সন্তানহীনতাৰ সমস্যা ৷ প্ৰতি দহটা এনে দম্পতীৰ মাজৰ প্ৰায় চাৰিটা দম্পতী সন্তানহীনতাৰ সমস্যাত ভুগিছে ৷ ইয়াৰ প্ৰধান কাৰণ বিবাহ উপযুক্ত যুৱক যুৱতী পলমকৈ বিবাহ পাশত আৱদ্ধ হোৱা আৰু নিজৰ উপাৰ্জন তথা সংস্থাপন আৰু কেৰিয়াৰক লৈ অধিক ব্যস্ত হোৱা৷ দক্ষিণ কোৰিয়াৰ ৯,৯৮,৩৬৫ দম্পতীৰ মাজত চলোৱা এক সমীক্ষাত দেখা গৈছে ৪২.৫ শতাংশ দম্পতীয়ে বিবাহৰ পাঁচ বছৰ পিছতো কোনো সন্তানৰ মুখ দেখা নাই ৷ ২০১৮ চনৰ তুলনাত এই সংখ্যা ২.৩ % বৃদ্ধি পাইছে ৷ নতুনকৈ বিবাহপাশত আৱদ্ধ হোৱা সৰহসংখ্যক যুৱক যুৱতীয়ে বিয়াৰ পিছতেই নিজাকৈ এটা ঘৰ ক্ৰয় কৰাৰ কথা ভাবে,সেয়ে গৃহঋণ লয় আৰু সেই ঋণ পৰিশোধৰ বাবে অধিক সময় ব্যস্ত থাকিবলগীয়া হয় ৷

তদুপৰি ঘৰৰ দাম বৃদ্ধি হোৱা আৰু জীৱনশৈলীৰ পৰিবৰ্তনৰ বাবেও সৰহসংখ্যক যুৱক যুৱতীয়ে বিবাহৰ পিছত সন্তান জন্ম দিব নিবিচাৰে ৷ ২০১৯ চনৰ সমীক্ষা মতে দেশখনৰ ৫,৭০,১৬৮ টা নৱবিবাহিতা দম্পতীৰ নিজা ঘৰ নাই ৷ তদুপৰি ৮৫.৮ শতাংশ  নৱবিবাহিতা দম্পতীয়ে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈহে এক উন্নত মানৰ  জীৱন শৈলী অব্যাহত ৰাখিছে ৷ সেয়ে তেওঁলোকৰ মানসিক হেঁচা যথেষ্ট বেছি থকাৰ বাবে নতুনকৈ সন্তান জন্ম দি এক নতুন বান্ধোনত সোমাব নিবিচাৰে ৷ (IANS)