বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Sports  / Cricket  / দশকটোৰ শ্ৰেষ্ঠ খেলুৱৈ কোহলী

দশকটোৰ শ্ৰেষ্ঠ খেলুৱৈ কোহলী

বিৰাট কোহলীক কিম্বদন্তি খেলুৱৈ গাভাস্কৰৰ প্ৰশংসা

নতুন দিল্লী,১০ ডিচেম্বৰ–  ভাৰতৰ কিম্বদন্তি বেটছমেন গাভাস্কাৰে বিশ্বাস কৰে যে ভাৰতীয় দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীয়ে এই দশকৰ ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী খেলুৱৈ। এদিনীয়া আন্তৰ্জাতিক খেলত কোহলীৰ প্ৰভাৱ অতুলনীয় ৷

২০০৮ চনত প্ৰথম বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশ লোৱা কোহলীয়ে ইতিমধ্যে ২৫১ খন এদিনীয়া আন্তৰ্জাতিক খেলত ভাৰতৰ হৈ অৱতীৰ্ণ হৈছে আৰু তেওঁ ইতিমধ্যে ১২,০৪০ ৰাণ সংগ্ৰহ কৰাৰ ওপৰিও ৪৩ টা শতকো অৰ্জন কৰিছে।

গাভাস্কাৰে ‘ষ্টাৰ স্পৰ্টচৰ’ দ্বাৰা আয়োজিত ’ক্ৰিকেট কানেক্টেড’ শীর্ষক এক আলোচনাত কয় যে ব্যক্তিগত পৰ্যায়ত বিৰাট কোহলীয়ে ভাৰতৰ হৈ যথেষ্ট প্ৰশংসনীয় ভাবে খেলিছে কাৰণ ভাৰতে যেতিয়া প্ৰতিপক্ষ দলৰ এক বিশাল ৰাণৰ সংখ্যা অতিক্ৰম কৰিবলৈ চেষ্টা কৰে, তেতিয়া বিৰাট কোহলীয়ে সুযোগ্য নেতৃত্ব দিযাৰ ওপৰিও ব্যক্তিগত পৰ্যায়তো যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে।

গতিকে এই দশকৰ ভাৰতৰ হৈ খেলা শ্রেষ্ঠ খেলুৱৈ বিৰাট কোহলীকে ভাবো বুলি কিম্বদন্তি খেলুৱৈ গাভাস্কাৰে কয়। আনহাতে কোহলীক ’ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউঞ্চিল’ৰ পুৰুষৰ শাখাত এই দশকৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ বুলি ইতিমধ্যে মনোনীত কৰা হৈছে।

৩২ বছৰীয়া কোহলীয়ে ভাৰতৰ হৈ এদিনীয়া আন্তৰ্জাতিক তথা টি ২০ ত যথেষ্ট পাৰদৰ্শিতাৰে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে। দশকৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে তেওঁৰ লগতে ৰবিচন্দ্ৰণ অশ্বিন ,ইংলেণ্ডৰ জ’ ৰোড ,নিউজিলেণ্ডৰ কানে উইলিয়ামছন ,অষ্টেলিয়াৰ ষ্টীভ ষ্মীথ ,চাউথ আফ্ৰিকাৰ এবিদি ভিলিয়াৰ আৰু শ্ৰীলংকাৰ কুমাৰ চাংগাকৰাৰ নাম মনোনীত হৈছে।

উল্লেখযোগ্য যে এই পদককে ধৰি কোহলীক দশকৰ পুৰুষৰ শাখাৰ শ্রেষ্ঠ টেষ্ট খেলুৱৈ, দশকৰ পুৰুষৰ শ্রেষ্ঠ এদিনীয়া খেলুৱৈ, আন্তৰ্জাতিক খেলুৱৈ তথা দশকৰ টি টুৱেন্টি খেলুৱৈৰ শ্রেষ্ঠ খেলুৱৈ হিচাপেও ইতিমধ্যে মনোনীত কৰা হৈছে। তাৰোপৰি আন বহু উল্লেখযোগ্য  ক্ৰিকেট পদকো ভাৰতীয় খেলুৱৈজনক ইতিমধ্যে প্ৰদান কৰা হৈছে। (IANS)