বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / নাড্ডালৈ শিলগুটি

নাড্ডালৈ শিলগুটি

বিজেপি সভাপতিৰ পশ্চিমবংগ যাত্ৰা সুখকৰ নহ’ল

কলকাতা,১০ ডিচেম্বৰ – বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগৎ প্ৰকাশ নাড্ডাৰ পশ্চিম বংগ ভ্ৰমণৰ অভিজ্ঞতা বৰ সুখকৰ হোৱা পৰিলক্ষিত হোৱা নাই ৷ আজি দক্ষিণ ২৪ পৰাগণা জিলাত এক জনসভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত নাড্ডাৰ কনভয়ত আক্ৰমণ কৰাৰ ওপৰিও বিজেপিৰ সমৰ্থকৰ গাড়ীত আক্ৰমণ কৰে সন্দেহযুক্ত তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে ৷ সভাপতি নাড্ডাৰ ওপৰিও তেওঁৰ লগত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়ভাৰ্গিয়া,ৰাষ্ট্ৰীয় উপ সভাপতি মুকুল ৰয়,বিজেপি নেতা অনুপম হাজৰে উক্ত জনসভালৈ গৈছিল ৷

তৃণমূল কংগ্ৰেছৰ সমৰ্থক সকলে ৰ’ড,পাথৰ আদিৰে কনভয়টোৰ ওপৰত আক্ৰমণ চলাই বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে ৷ তৃণমূল কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত কেইবাজনো নিৰাপত্তাৰ দায়িত্বত থকা লোক আহত হোৱাৰ ওপৰিও সাধাৰণ বিজেপি কৰ্মী আহত হৈছে ৷

“আমাৰ সভাপতি নাড্ডাজীৰ কনভয়ৰ ওপৰত তৃণমূল কৰ্মীয়ে শিলগুটি,লোহাৰে আক্ৰমণ চলাইছিল ৷ পশ্চিম বংগত এতিয়া জংঘলৰাজ চলিছে”-এনেদৰে মন্তব্য কৰে বিজেপি নেতা অনুপম হাজৰাই ৷

আনহাতে,কালি হাষ্টিঙত দলৰ কাৰ্যালয় মুকলি কৰিবলৈ যোৱাৰ মুহূৰ্ততো বিজেপিৰ সভাপতিক তৃণমূল কংগ্ৰেছ কৰ্মীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰিছিল ৷

সূত্ৰটোৱে প্ৰকাশ কৰে যে বিজেপিৰ সভাপতিৰ গাড়ীৰ কনভয়টো পাৰ হৈ যোৱাৰ সময়ত দেশজুৰি কৃষকে চলাই থকা প্ৰতিবাদ সমৰ্থন কৰি তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে এক জনসভা অনুষ্ঠিত কৰি আছিল ৷ (IANS)