বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / নীতিশে বেলেগ চিন্তা কৰিলেই !

নীতিশে বেলেগ চিন্তা কৰিলেই !

বিহাৰত নতুন ৰাজনৈতিক অংকৰ সম্ভাৱনা

পাটনা,১০ ডিচেম্বৰ — মাত্ৰ কিছুদিনৰ আগতে বিহাৰত নীতিশ কুমাৰৰ নেতৃত্বত পুনৰ  নতুন চৰকাৰ গঠন হোৱাৰ পিছতে এইবাৰ ৰাষ্ট্ৰীয় লোক সমতা দলৰ নেতা উপেন্দ্ৰ খুচৱাই মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ  কৰাত ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলিছে। বিগত ২ ডিচেম্বৰত অনুষ্ঠিত হোৱা এই  বৈঠকত কি বিষয় আলোচনা হৈছে, তাক জনা নগ’লেও মিত্ৰজোঁটৰ চৰকাৰত নীতিশ কুমাৰৰ গুৰুত্ব যে বৃদ্ধি কৰাৰ এক পৰিকল্পনা কৰা হৈছে সেইটো নিঃসন্দেহে ক’ব পাৰি। নৱগঠিত বিহাৰ বিধানসভাত  বিজেপিৰ ৭৪ আসন থকাৰ বিপৰীতে নীতিশ কুমাৰৰ নেতৃত্বাধীন জনতা দল( ইউনাইটেডৰ) মাত্ৰ ৪৩ খন আসনহে আছে। গতিকে নীতিশ কুমাৰে এক নতুন ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰি মিত্ৰজোঁটত তেওঁৰ গুৰুত্ব বঢ়াব খুজিছে বুলি অনুমান কৰা হৈছে ৷

আনহাতে, ৰাষ্ট্ৰীয় লোক সমতা দলৰ নেতা খুচৱায়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগত হোৱা সাক্ষাৎকাৰক মাত্ৰ সৌজন্যমূলক আখ্যা দিয়ে আৰু কয় যে এনেদৰে এক বৈঠকত মিলিত হোৱাটো  কোনো অপৰাধ হ’ব নোৱাৰে। আনহাতে, ৰাষ্ট্ৰীয় লোক সমতা দলৰ নেতাজনে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তিনি খন কৃষি আইন বাতিল নকৰাৰ বাবে সমগ্ৰ দেশতে সমস্যাৰ সৃষ্টি হৈছে বুলি সমালোচনা কৰে ৷ খুচুৱাই কয় যে নতুনকৈ গৃহীত তিনি খন কৃষি আইনে  কৃষক সকলৰ অপকাৰ সাধন কৰিব আৰু মাত্ৰ পুঁজিপতি ব্যৱসায়ী সকলহে ইয়াৰ দ্বাৰা লাভম্বিত হব।

প্ৰতিবাদকাৰী কৃষক সকলে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আছে বুলি খুচৱাই উল্লেখ কৰে। আনহাতে, এই দলৰ মুখ পাত্ৰ ভোলা শৰ্মাই কয় যে ,ৰাজনীতিত সকলো সম্ভৱ আৰু ৰাজনৈতিক সমীকৰণত যদি সামাজিক ন্যায় তথা ৰাইজৰ কল্যাণৰ উদ্দেশ্যে নিহিত থাকে, তেনে হ’লে নিশ্চিত ভাবে এক নতুন সমীকৰণ হোৱাত একো বাধা থাকিব নোৱাৰে। (IANS)