সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিল গেটছে আকৌ দিছে

বিল গেটছে আকৌ দিছে

'গেটছ ফাউণ্ডেশ্যন'ৰ ক'ভিড ১৯ ৰ গৱেষণাৰ নামত বৰঙনি

নিউয়ৰ্ক, ১০ ডিচেম্বৰ– আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিয়াতলত অৱস্থিত বিল আৰু মেলিণ্ডা গেটছৰ ফাউণ্ডেশ্যনে বৃহস্পতিবাৰে ক’ভিড১৯ মহামাৰীৰ গৱেষণা, চিকিৎসা তথা প্ৰতিষেধক প্ৰস্তুত কৰা প্ৰচেষ্টাৰ বাবে অতিৰিক্ত ২০০ মিলিয়ন ডলাৰ বৰঙণি আগবঢ়াইছে।

এক প্ৰেছ বিজ্ঞপ্তিত উক্ত ফাউণ্ডেশ্যনে পৃথিৱীৰ সকলো ঠাইৰ লোককে আহ্বান জনাই তেওঁলোকে এই বৰঙণি আগবঢ়াইছে এই কাৰণেই  যাতে ২০২১ ৰ ভিতৰত ক’ভিড সংক্ৰান্তীয় উৎকৃষ্ট গৱেষণাৰ ফল পৃথিৱীৰ সকলো অংশৰ মানুহে লাভ কৰিব পাৰে।

আগন্তুক ২০২১ চনটো বিশ্ববাসীৰ বাবে সুখপ্ৰদ হ’ব বুলি আশা প্ৰকাশ কৰি বিশ্বৰ নেতা সকলক এই মহামাৰীৰ পৰীক্ষা ,গৱেষণা ,প্ৰতিষেধক প্ৰস্তুত কৰা কাৰ্যত নেতৃত্ব ল’বলৈ আহ্বান জনোৱা হৈছে ।

উল্লেখযোগ্য যে বিল আৰু মেলিণ্ডা গেটছৰ ফাউণ্ডেশ্যনৰ এই ধনৰাশি ক’ভিড সংক্ৰান্তীয় গৱেষণা, চিকিৎসা ,তথা প্ৰতিষেধক তৈয়াৰী কাৰ্যত ব্যৱহাৰ হ’ব আৰু আশা কৰা হৈছে যে এই মহামাৰী অতি শীঘ্ৰেই নিৰ্মূল কৰিব পৰা যাব ৷

তাৰোপৰি এই বৰঙনিৰ যোগেদি পৃথিৱীৰ বিভিন্ন দেশৰ ক’ভিড ১৯ ৰ প্ৰতিষেধক যাতে খৰতকীয়াকৈ আৰু সুচাৰুৰূপে সাধাৰণ ৰাইজক দিব পৰা যায়, তাৰবাবেও সহায়ক হব।

এই সংক্ৰান্তত গেটছ ফাউণ্ডেশ্যনৰ সভাপতি বিল গেটছে কয় যে যদিও বিশ্বত যথেষ্ট সংখ্যক প্ৰয়োজনীয় ঔষধ আৰু প্ৰতিষেধক বৰ্তমান  আছে, কিন্তু এই ঔষধ তথা প্ৰতিষেধক পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহক সময়মতে প্ৰদান কৰিলেহে মানুহৰ জীৱন ৰক্ষা পৰিব।

সেইবাবেই ‘গ্লোবেল এলায়েন্স ফৰ ভেকচিন ইমুনাইজেশ্যন’ৰ দৰে সংগঠনসমূহৰ ভুমিকা এই ক্ষেত্ৰত যথেষ্ট সহায়ক হব বুলি বিল গেটছৰ পত্নী মেলিণ্ডা গেটছে আশা প্ৰকাশ কৰে। গেটছ ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক ছুজমেনে কয় যে এই মহামাৰীৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ যুদ্ধখন অত্যন্ত খৰচী হ’ব।

পৰৱৰ্তী পৰ্যায়ত নিৰাপদ আৰু কাৰ্যক্ষম প্ৰতিষেধক তৈয়াৰী কৰাটো সহজ কাম নহ’ব বুলি বিষয়াজনে কয়। ছুজমেনে বিভিন্ন আন্তৰাষ্ট্ৰীয় সংগঠন, চৰকাৰ আৰু বিভিন্ন প্ৰতিষ্ঠান সমূহক এনে ধৰণৰ মহামাৰীৰ গৱেষণা ,চিকিৎসা তথা প্ৰতিষেধক প্ৰস্তুত কৰাৰ কাৰ্যত পৰ্যাপ্ত  বৰঙণি আগবঢ়াবলৈ আহ্বান জনায়।

উল্লেখ কৰিব পাৰি যে ইতিমধ্যে বিল আৰু মেলিনা গেটছৰ ‘গেটছ ফাউণ্ডেশ্যনে’ এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ১.৭৫ বিলিয়ন ডলাৰৰ বৃহৎ ধনৰাশি বৰঙণি হিচাপে আগবঢ়াইছে। (IANS)