সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘বোবা’ কৰা হৈছে মানুহক !

‘বোবা’ কৰা হৈছে মানুহক !

ভয়ংকৰভাৱে মানৱাধিকাৰ উলংঘন হৈছে

কলকাতা,১০ ডিচেম্বৰ:পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি বিশ্ব মানৱাধিকাৰ দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাই উল্লেখ কৰিছে যে সাম্প্ৰতিক সময়ত মানৱ অধিকাৰ ভয়ংকৰভাৱে উলংঘন হৈছে আৰু মানুহৰ সকলো মৌলিক অধিকাৰ খৰ্ব হৈছে আৰু বাক স্বাধীনতা হেৰুৱাইছে ৷ জনপ্ৰিয় সামাজিক মাধ্যম টুইটাৰত মুখ্যমন্ত্ৰী গৰকীয়ে উল্লেখ কৰে এনেদৰে”আজি বিশ্ব মানৱাধিকাৰ দিৱস ৷ বৰ্তমান আমাৰ মানৱ অধিকাৰ সম্পূৰ্ণভাৱে নিঃশেষ হৈছে আৰু মৌলিক অধিকাৰ খৰ্ব হৈছে ৷ আমাৰ চৰকাৰে মানৱ অধিকাৰ উলংঘন হ’বলৈ নিদিয়ে আৰু এইয়া আমাৰ প্ৰতিশ্ৰুতি ৷ “তেওঁ লগতে উল্লেখ কৰে যে বিগত চাৰে ৯ বছৰত পশ্চিম বংগত ১৯ খন মানৱ অধিকাৰ ন্যায়ালয় স্থাপন কৰা হৈছে ৷ “মই ৰাজ্যখনত এখন মানৱ অধিকাৰ আয়োগ গঠনৰ বাবে নেৰানেপেৰাকৈ যুঁজিছিলো আৰু তাৰ ফলতেই ১৯৯৫ চনত এই আয়োগ গঠন হৈছিল”- ৰাজ্যবাসীক মানৱাধিকাৰ দিৱসৰ শুভেচ্ছা জনাই তেওঁ নিজৰ টুইটত এই কথাও উল্লেখ কৰে ৷