বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ১০০ বছৰলৈ নিশ্চিন্ত !

১০০ বছৰলৈ নিশ্চিন্ত !

নতুন সংসদৰ আধাৰশিলা স্থাপন

নতুন দিল্লী,১০ ডিচেম্বৰ- প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে নতুনকৈ নিৰ্মাণ হ’বলগীয়া ভাৰতৰ সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে।তেওঁ এই নতুন সংসদৰ ভৱনটোক ‘ আত্মনিৰ্ভৰ ভাৰত’ অভিযানৰ এক উল্লেখযোগ্য উদাহৰণ হ’ব বুলিও উল্লেখ কৰে।

চাৰি মহলীয়া এই নতুন সংসদ ভৱনৰ নিৰ্মাণত প্রায় ৯৭১ কোটি টকা ব্যয় হ’ব তথা ৭৪,৫০০ বৰ্গমিটাৰ অঞ্চল জুৰি এই নতুন আটক ধুনীয়া সংসদ ভৱন নিৰ্মাণ কৰা হ’ব। ২০২৩ চনৰ ভিতৰত এই ভৱনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব।

উল্লেখযোগ্য যে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া বাৰ্ষিকীৰ লগত সংগতি ৰাখি এই নতুন সংসদ ভৱনটো শুভাৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। তাৰোপৰি সংসদৰ প্ৰত্যেকজন সদস্যক নৱনির্মিত ‘শ্ৰম শক্তি ভৱন’ত ৪০ বৰ্গমিটাৰৰ এক কাৰ্যালয় প্ৰদান কৰা হ’ব।

এই কাৰ্যালয় ভৱনটো ২০২৪ চনত সম্পূৰ্ণ হ’ব বুলি জানিব পৰা গৈছে। আহমেদবাদৰ এছিপি ডিজাইন আৰু মেনেজমেণ্ট প্ৰাইভেট লিমিটেডে সংসদৰ নতুন ভৱনটোৰ নক্সা প্ৰস্তুত কৰিছে আৰু টাটা প্ৰজেক্টে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব।

এই ভৱন আগন্তুক ১০০ বছৰৰ বাবে যাতে ব্যৱহাৰ কৰিব পৰা যায়, সেই পৰিকল্পনাৰে নিৰ্মাণ কৰা হৈছে। সকলো ধৰণৰ আধুনিক সা- সুবিধা যেনে আধুনিক দৃশ্য, শ্ৰৱ্য ,তাৰোপৰি ডাটা নেটৱৰ্কৰো সুব্যবস্থা এই নতুন সংসদ ভৱনত থাকিব।

সকলো ধৰণৰ পৰিবেশৰ নীতি নিয়ম পালন কৰি এনেকৈ এই ভৱন নিৰ্মাণ কৰা হৈছে যাতে নিৰ্মাণ কাৰ্য চলি থকা সময়তেই সংসদৰ অধিবেশনত কোনো বাধাৰ সৃষ্টি নহয় ৷ ৮৮৮ জন লোক সভাৰ সদস্যই আসন গ্ৰহণ কৰিব পৰা এই নতুন সংসদ ভৱনত একেলগে ১,২২৪ জন সদস্যৰে যুটীয়া অধিবেশনৰ বাবেও সদস্য বহিবৰ বাবে ব্যৱস্থা কৰা হৈছে।

তাৰোপৰি ৰাজ্যসভাৰ ভৱনত ৩৮৪ জন সদস্য বহিব পৰা সুব্যৱস্থা থাকিব। উল্লেখযোগ্য যে বিগত বছৰ সমূহত এটা নতুন সংসদ ভৱনৰ বাবে  বিভিন্ন পক্ষৰ পৰা দাবী তথা পৰামৰ্শ আহিছিল আৰু পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাই এতিয়া এই নতুন সংসদ ভৱনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে। (IANS)