শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Education  / Institutions  / কঠোৰ শাস্তি দিব নোৱাৰে উপঢৌকন লওঁতাক !

কঠোৰ শাস্তি দিব নোৱাৰে উপঢৌকন লওঁতাক !

উপঢৌকন লবলৈ উপঢৌকন দিয়া ব্যক্তিৰো প্ৰয়োজন

নতুন দিল্লী, ১১ ডিচেম্বৰ: শুক্ৰবাৰে ভাৰতৰ উচ্চতম ন্যায়লয়ে এক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে উপঢৌকন লবলৈ উপঢৌকন দিয়া ব্যক্তিৰো প্ৰয়োজন আৰু সেইবাবে উচ্চতম ন্যায়লয়ে দেশৰ সংসদক উপঢৌকন লোৱা অপৰাধীক যাৱজ্জীৱন কাৰাবাস দিয়াৰ ব্যৱস্থা কৰি আইন প্ৰণয়ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিব নোৱাৰে ৷ ন্যায়াধীশ সঞ্জয় কৃষাণ কৌলে এই সংক্ৰান্তত লগতে কয় যে সমাজত উপঢৌকন দিয়াৰ মানসিকতা আঁতৰ হ’লেহে উপঢৌকন লোৱাৰ প্ৰৱণতা হ্ৰাস হ’ব ৷ উল্লেখযোগ্য যে অধিবক্তা অশ্বিনী উপাধ্যায়ে এক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ যোগেদি দুৰ্নীতিত লিপ্ত অপৰাধীসকলৰ বেনামী সম্পত্তি অধিগ্ৰহণ কৰাৰ লগতে এনে অপৰাধীক যাব্বজীৱন কাৰাদণ্ড দিবলৈ আবেদন জনাইছিল ৷

 ন্যায়ালয়ে সমাজৰ সকলো কামৰ বোজা বহন কৰিব বুলি ভৱাটো ভুল বুলি মন্তব্য কৰি ন্যায়ধীশে আবেদনকাৰীক তেওঁৰ উক্ত আবেদন প্ৰত্যাহাৰ কৰি আইনী আয়ুক্তৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে ৷ আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰনাৰায়নে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল আৰু ইতিমধ্যে দেশত ‘প্ৰিভেনচন অব মানি লন্দাৰিং ‘ আইনৰ আধাৰত অনেক গোচৰ বিচাৰাধীন হৈ আছে বুলি জনাইছিল ৷

তেতিয়া ন্যায়াধীশে মন্তব্য কৰে যে আইন সংসদেহে সংশোধন কৰিব পাৰে,আদালতে নহয় ৷ আনহাতে, আবেদনকাৰীৰ অধিবক্তাই  ন্যায়ালয়ে প্ৰয়োজন হ’লে চৰকাৰক নিৰ্দেশ দিব পাৰে বুলি আবেদন জনোৱাত পুনৰ ন্যায়ধীশে মন্তব্য কৰে যে দেশৰ অনেক সমস্যা আছে সচাঁ, কিন্তু সকলো সমস্যাৰ সমাধান আদালতত হ’ব নোৱাৰে ৷ উল্লেখযোগ্য যে বৰ্তমানৰ প্ৰচলিত দুৰ্নীতি নিবাৰক আইন যথেষ্ট দুৰ্বল বুলি অভিহিত কৰি আবেদনকাৰীয়ে এই ক্ষেত্ৰত আদালতৰ হস্তক্ষেপ প্ৰাৰ্থনা কৰিছিল ৷ (IANS)