দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / খাবলৈ নিদিয়ে,বেচিবলৈ লাগে

খাবলৈ নিদিয়ে,বেচিবলৈ লাগে

গো হত্যা যদি বন্ধ হোৱা বিচাৰে,গো মাংসৰ ৰপ্তানি বন্ধ কৰক

পানাজী,১১ডিচেম্বৰ:দেশত গো হত্যাৰ বিষয়টোৱে বিতৰ্ক সৃষ্টি কৰি থকাৰ মাজতে এইবাৰ গোৱা কংগ্ৰেছ দলে কয় যে শাসনাধিষ্ঠ এনডিএ চৰকাৰে যদি প্ৰকৃতাৰ্থত গো হত্যা বন্ধ কৰিব বিচাৰে,তেন্তে দেশৰ পৰা গো মাংসৰ ৰপ্তানি বন্ধ কৰিব লাগে ৷ পানাজীত সংবাদ মাধ্যমৰ আগত বিৰোধী কংগ্ৰেছ দলৰ সংবাদ কোষৰ আহ্বায়ক ট্ৰাজানো ডি মেলোৱে কয় যে চুবুৰীয়া কৰ্ণাটকত গো হত্যাৰ বিৰূদ্ধে এক কঠোৰ আইন প্ৰণয়ন কৰাৰ পাছত গোৱাত গো মাংসৰ নাটনিয়ে দেখা দিব ৷ উল্লেখযোগ্য যে গোৱাৰ প্ৰয়োজনীয় প্ৰায় সকলো গো মাংসৰ যোগান কৰ্ণাটকৰ পৰাই হয় ৷ ডি মেলোৱে এই সংবাদ মেলত কয় যে সমগ্ৰ বিশ্বৰ ভিতৰতে গো মাংস ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ স্থান দ্বিতীয় ৷ গতিকে দেশবাসীয়ে খাদ্য হিচাপে গ্ৰহণ কৰা গো মাংসৰ যোগান বন্ধ কৰা আৰু একে সময়তে ইমান বৃহৎ পৰিমাণে গো মাংস ৰপ্তানি কৰা কাৰ্য দুমুখীয়া নীতি বুলি তেওঁ অভিযোগ কৰে ৷ গোৱাত দৈনিক প্ৰায় ২৫টন গো মাংস খাদ্য হিচাপে গ্ৰহণ কৰা হয় আৰু অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ পৰ্য্যটকৰ আগমনৰ সময়ত এই পৰিমাণ যথেষ্ট বৃদ্ধি হয় ৷

তাৰোপৰি গোৱাৰ প্ৰায় ৩০ শতাংশ বাসিন্দা ধৰ্মীয় সংখ্যালঘু ৷ উল্লেখযোগ্য যে বিগত বছৰসমূহত গোৱাৰ একমাত্ৰ গো মাংস কচাইখানা খনত গো মাংস ভক্ষণৰ বিৰোধিতা কৰা দল-সংগঠন সমূহৰ প্ৰতিবাদৰ বাবে গো মাংসৰ যোগান প্ৰায় অনিয়মীয়া হৈ পৰিছিল ৷ উল্লেখযোগ্য যে গোৱাৰ শাসনাধিষ্ঠ বিজেপি দলৰ মুঠ ২৭ জন বিধায়কৰ ১৫ জনেই কেথলিক আৰু তেওঁলোকে পৰম্পৰাগতভাৱে গো মাংস খাদ্য হিচাপে গ্ৰহণ কৰে ৷ এই ১৫ জন বিধায়কক এই বিষয়টোত হস্তক্ষেপ কৰিবলৈ ডি মেলোৱে আহ্বান জনাইছে ৷ আনহাতে, বিজেপি  দলৰে পূৰ্বৰ মুখ্যমন্ত্ৰী স্বৰ্গীয় মনোহৰ পাৰিকাৰে গোৱাত গো মাংসৰ নাটনি হ’বলৈ দিয়া নহ’ব বুলি বিধানসভাৰ মজিয়াত ২০১৭ চনতে প্ৰতিশ্ৰুতি দিছিল বুলি গোৱা ফৰৱাৰ্দ পাৰ্টিৰ সভাপতি বিজয় চৰদেশাইয়ে ব্যক্ত কৰে ৷  (IANS)