বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Agriculture  / দুখ পাইছে ধৰ্মেন্দ্ৰই

দুখ পাইছে ধৰ্মেন্দ্ৰই

কৃষকৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন ধৰ্মেন্দ্ৰৰ

মুম্বাই ১১ ডিচেম্বৰ: বলিউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰই কৃষকসকলৰ প্ৰতিবাদৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাইছে ৷ জনপ্ৰিয় সামাজিক মাধ্যম টুইটাৰত ধৰ্মেন্দ্ৰই কয়”মই মোৰ কৃষক ভাতৃসকলৰ এনে কষ্ট দেখি অত্যন্ত বেজাৰ পাইছোঁ ৷ চৰকাৰে সোনকালে তেওঁলোকৰ এই প্ৰতিবাদৰ প্ৰতি সঁহাৰি দিয়া উচিত ৷ “উল্লেখযোগ্য যে দিল্লী অভিমুখে অহা কৃষক প্ৰতিবাদকাৰী সকলে তিনিখন কৃষি আইনৰ বিৰোধিতা কৰিছে আৰু একেলেথাৰিয়ে ১৬ দিন এই প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ অভিনেতা ধৰ্মেন্দ্ৰৰ ওপৰিও গৰিষ্ঠ সংখ্যক বলিউডৰ অভিনেতা অভিনেত্ৰীয়ে এই প্ৰতিবাদলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৷ দিলজিৎ দচানজী নামৰ গায়ক তথা অভিনেতাজনে দিল্লী সীমান্তত গৈ কৃষকসকলক সাক্ষাৎ কৰি কেন্দ্ৰীয় চৰকাৰক এই আইন কেইখন উঠাই ল’বলৈ আহ্বান জনাইছিল ৷ (IANS)