শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পুৰুষ-মহিলা ৫০:৫০

পুৰুষ-মহিলা ৫০:৫০

টুইটাৰত এতিয়া বিশ্বজুৰি ৪২ শতাংশ মহিলা কৰ্মচাৰী

নতুন দিল্লী, ১১ ডিচেম্বৰ — সামাজিক মাধ্যমৰ এক অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান টুইটাৰে কয় যে তেওঁলোকৰ প্ৰতিষ্ঠানত সদ্যহতে ৪২.৬ শতাংশ মহিলা কৰ্মচাৰী সমগ্ৰ বিশ্বজুৰি নিয়োজিত হৈ আছে। প্ৰতিষ্ঠানটোৰ লক্ষ্য হৈছে তেওঁলোকৰ প্ৰতিষ্ঠানত ৫০ শতাংশ মহিলাৰ  কৰ্মসংস্থাপনৰ বাট মুকলি কৰা ৷ ইতিমধ্যে প্ৰতিষ্ঠানটোত ৩৮.২শতাংশ মহিলা বিভিন্ন  উচ্চ পদত  নিযুক্ত হৈ আছে আৰু ২৮.৫ শতাংশ মহিলা কাৰিকৰী দিশত জড়িত হৈ আছে। প্ৰতিষ্ঠানটোৰ এগৰাকী উপ সভাপতি দালানা ব্ৰেণ্ডে কয় যে প্ৰতিষ্ঠানটোৰ এটা মূল লক্ষ্য হৈছে বিভিন্ন  প্ৰতিভাৰ সমাহাৰেৰে প্ৰতিষ্ঠানটোক আগুৱাই লৈ যোৱা ৷ 

 নেতৃত্ব দিব পৰা স্বচ্ছ আৰু পাৰদৰ্শী ব্যক্তিৰ নেতৃত্বত আগন্তুক দিনত  প্ৰতিষ্ঠানটো আগুৱাই যাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ২০১৯ চনত টুইটাৰে এক প্ৰযুক্তিৰ জৰিয়তে  প্ৰতিষ্ঠানটোৰ  কৰ্মচাৰীসকলৰ সবিশেষ তথ্য আহৰণ কৰাৰ ব্যৱস্থা কৰিছিল আৰু ইয়াৰ সহায়ত কৰ্মচাৰীসকল কেনে পৰিৱেশৰ পৰা আহিছে সেই বিষয়ে এক অধ্যয়ন কৰাৰ ব্যৱস্থা কৰা হৈছিল। বৃহস্পতিবাৰে টুইটাৰৰ শীর্ষ বিষয়া ব্ৰেণ্ডে কয় যে এই ব্যৱস্থাটোৰ শেহতীয়া সংযোজন অৰ্থাৎ উন্নীতকৰণ কৰা হৈছে আৰু বিভিন্ন কাৰক পৰ্যালোচনা কৰি প্ৰতিষ্ঠানটোত যাতে পুৰুষ মহিলা আৰু বিভিন্ন বৰ্গৰ লোকে স্থান পায় তাৰবাবে প্ৰতিষ্ঠানটোৱে এনে পদক্ষেপ গ্ৰহণ কৰিছে ।

২০০২ চনতেই টুইটাৰে পুৰুষ মহিলাৰ উভয়ে যাতে প্ৰতিষ্ঠানটোৰ উচ্চ পদবীত অধিষ্ঠিত  হ’ব পাৰে আৰু সমান দৰমহা পাব পাৰে, সেই বিষয়ে এক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল।তাৰোপৰি অনাগত দিনত প্ৰতিষ্ঠানটোৰ যিকোনো পদ পূৰণ কৰাৰ ক্ষেত্ৰত এগৰাকী মহিলা আৰু কৃষ্ণাংগ বা লেটিন আমেৰিকাৰ নাগৰিকক  সাক্ষাৎকাৰৰ বাবে প্ৰথমে  বিবেচনা কৰাটো এক নিয়ম হিচাপে বলবৎ কৰা হ’ব ৷ (IANS)