বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ফিজিৰ প্ৰধানমন্ত্ৰী হ’ল ‘চেম্পিয়ন অব দ্যা আৰ্থ’

ফিজিৰ প্ৰধানমন্ত্ৰী হ’ল ‘চেম্পিয়ন অব দ্যা আৰ্থ’

ৰাষ্ট্ৰসংঘই ঘোষণা কৰিলে বিভিন্ন সন্মান

নতুন দিল্লী, ১১ ডিচেম্বৰ–ৰাষ্ট্ৰসংঘৰ এক উল্লেখযোগ্য সন্মান ‘চেম্পিয়ন অব দ্যা আৰ্থ ‘ এই বছৰৰ বাবে ফিজিৰ প্ৰধান মন্ত্ৰী ফ্ৰেংক বাইনী মাৰমাক প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘই  পৰিবেশ বিষয়ত প্ৰদান কৰা এইটোৱেই সৰ্বশ্ৰেষ্ঠ সন্মান।বিশ্বব্যাপী প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা আৰু উন্নয়নৰ লগতে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক এই সন্মান প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক যুটীয়া ভাবে ২০১৮ ত এই সন্মান প্ৰদান কৰা হৈছিল।সৌৰ শক্তিৰ ব্যৱহাৰ বা প্ৰচলনৰ বাবে ভাৰতৰ প্ৰধানটমন্ত্ৰী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি সন্মান জনাই ২০১৮ চনৰ অক্টোবৰত যুটীয়াভাৱে এই সন্মান প্রদান কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এন্ট’নী গুটাৰাছে এই সন্মান লাভ কৰা পৰিবেশ বিষয়ৰ বিভিন্ন বিজেতা সকলক উদ্দেশ্যি  কয় যে বিশ্বব্যাপী চলি থকা ক’ভিড মহামাৰীৰ সংক্ৰমণৰ সময়তে সকলোৱে সাহসেৰে আৰু জৰুৰী ভাবে প্ৰকৃতিৰ লগত থকা সম্পৰ্ক ৰক্ষা কৰি আৰু ভাৰসাম্য বজাই ৰাখিহে উন্নতিৰ কথা চিন্তা কৰিব লাগে।

আনহাতে, ৰাষ্ট্ৰসংঘৰ আন এজন উচ্চপদস্থ বিষয়া ইংগাৰ এণ্ডাৰচনে এই বিষয়ত কয়  ‘চেম্পিয়ন অব দ্যা আৰ্থ’ খিতাপ  বিজয়ী এই বছৰৰ বিজেতা সকলে যথেষ্ট কষ্ট আৰু প্ৰত্যহ্বানৰ মাজত প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে তেওঁলোকৰ দায়বদ্ধতাৰ পৰিচয় দিছে। ২০২০ ৰ ‘চেম্পিয়ন অব দ্যা আৰ্থ’ খিতাপ লাভ কৰা আন সকল বিজেতা হল জাৰ্মানীৰ ফেবিয়ান লেণ্ডাৰছ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিন্দে লাবাৰ। ফেবিয়ান লেণ্ডাৰজক বিজ্ঞান আৰু অপৰম্পৰাগত উদ্ভাৱনৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে।

আনহাতে,মিন্দে লাবাৰক বিনিয়োগৰ ক্ষেত্ৰখনত সেউজ ধৰণীৰ লগত কেনেকৈ সামঞ্জস্য ৰাখি আগুৱাই যাব পাৰি, তাৰ বিষয়ে কৰা গৱেষণাৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে। ইকুৱেডৰ নেমণ্টি নেনোকুইমক আমাজন বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে ২০০৫ চনত  আৰম্ভ কৰা এই ‘চেম্পিয়ন অব দ্যা আৰ্থ’ সন্মান এতিয়ালৈকে ৯৫ জনক প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত এতিয়ালৈকে ২৪ জন বিশ্বৰ বিভিন্ন দেশৰ নেতা ,৫৭ জন সাধাৰণ ব্যক্তি আৰু ১২ টা সংগঠন আছে ৷ (IANS)