মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভেকচিন নালাগে জুকাৰবাৰ্গৰ কৰ্মচাৰীক

ভেকচিন নালাগে জুকাৰবাৰ্গৰ কৰ্মচাৰীক

২০২১ৰ জুলাইতহে খুলিব ফেচবুকৰ কাৰ্যালয়

চানফ্ৰান্সিস্ক’’, ১১ ডিচেম্বৰ —বিশ্বৰ এক অন্যতম প্ৰসিদ্ধ প্ৰতিষ্ঠান ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে তেওঁৰ ৫০ হাজাৰতকৈ বেছি সহকৰ্মীক ক’ভিড ভেকচিন নোলোৱাকৈ কাৰ্যালয়লৈ আহিব পাৰিব বুলি জনাইছে ৷ ২০২১ চনৰ জুলাইত যেতিয়া প্ৰতিষ্ঠানটোৰ কাৰ্যালয় পুনৰাই খোলা হ’ব, তেতিয়া তেওঁলোক  ক’ভিডৰ প্ৰতিষেধক লৈ কাৰ্যালয়লৈ অহাৰ প্ৰয়োজন নাই।’ডেইলি বিষ্ট’ নামৰ সংবাদপত্ৰখনৰ  মতে  কিছু সংখ্যক কৰ্মীয়ে এই প্ৰতিষেধক লোৱা নোলোৱাৰ বিষয়ে জুকাৰবাৰ্গক  প্ৰশ্ন কৰিছিল, আৰু তাৰ উত্তৰত  জুকাৰবাৰ্গে এনেদৰে কয়।উল্লেখযোগ্য যে ফেচবুকৰ কৰ্মচাৰী সকলে সদ্যহতে ঘৰৰ পৰাই কাৰ্যালয়ৰ যাৱতীয় কাম কাজ কৰি আছে। আনহাতে জুকাৰবাৰ্গে সহকৰ্মীসকলক এই বুলিও কয় যে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে ইতিমধ্যেই বিভিন্ন দেশত তেওঁলোকৰ কাৰ্যালয়ৰ পৰা পুনৰ কাম আৰম্ভ কৰিছে আৰু তেওঁলোকৰ মাজত ক’ভিড সংক্ৰমণৰ মাত্ৰা যথেষ্ট কম।

ফে’চবুকৰ এগৰাকী মুখপাত্ৰই ‘দা ভাৰজক ‘ কয় যে ক’ভিডৰ প্ৰতিষেধক উপলব্ধ হওক বা নহওক ,প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলে ২০২১ৰ জুলাইলৈকে  ঘৰৰ পৰাই কাৰ্যালয়ৰ যাবতীয় কাম কাজ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে।ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত ফেচবুকৰ বিভিন্ন কাৰ্যালয় বন্ধ কৰি দিয়া হৈছে। জুকাৰবাৰ্গে কয় যে  ক’ভিড১৯ প্ৰতিষেধকৰ ওপৰত তেওঁৰ বিশ্বাস আছে আৰু তেওঁ নিজেও এই প্ৰতিষেধক  গ্ৰহণ কৰিব। কাৰ্যালয়ৰ পৰা পুনৰ কৰ্ম আৰম্ভ কৰা সময়ত সকলো কৰ্মচাৰীয়ে কিছুমান নীতি নিয়ম পালন কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।উল্লেখযোগ্য যে ২০২০ ৰ মাৰ্চ মাহৰ পৰা ফেচবুকৰ কাৰ্যালয় সমূহ সমগ্ৰ বিশ্ব জুৰি বন্ধ কৰি দিয়া হৈছিল আৰু মে’ মাহত  প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰাৰ সুবিধা  প্ৰদান কৰিছিল ৷ (IANS)