বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মমতাই বোলে ‘নাটক’

মমতাই বোলে ‘নাটক’

নাড্ডাৰ ওপৰত আক্ৰমণক তীব্ৰ নিন্দা ৰাজ্যপালৰ

কলকাতা,১১ ডিচেম্বৰ– বিজেপিৰ সভাপতি জে পি নাড্ডাৰ বাহনত তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আক্ৰমণ কৰাৰ ঘটনাক পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধানকাৰে নিন্দা কৰি এই সংক্ৰান্তত কেন্দ্ৰীয় চৰকাৰলৈ বিস্তৃত প্ৰতিবেদন প্ৰেৰণ কৰিছে। সূত্ৰটোৱে জানিবলৈ দিয়ে যে কেন্দ্ৰীয় গৃহ বিভাগে ইতিমধ্যে ৰাজ্যপালৰ এই প্ৰতিবেদন লাভ কৰিছে আৰু ৰাজ্যত আইন শৃংখলা পৰিস্থিতিৰ বিষয়ে অধিক তথ্য জানিব বিচাৰিছে। পশ্চিম বংগৰ ৰাজ্যপালজনে কয় যে  কালি জে পি নাড্ডাৰ ওপৰত যিধৰণৰ আক্ৰমণ সংঘটিত হ’ল ,সেইয়া  দেশৰ গণতান্ত্ৰিক মূল্যবোধৰ ওপৰতেই আক্ৰমণ ।

উল্লেখযোগ্য যে জে পি নাড্ডা গৈ থকা বাহনত পশ্চিমবংগৰ দক্ষিণ চৌব্বিশ পৰগনাত কালি আক্ৰমণ কৰা হৈছিল। চিৰাকল নামৰ অঞ্চলটোত জে পি নাড্ডাই এখন জনসভাত ভাগ লবলৈ যোৱাৰ সময়তেই এই ঘটনা সংগটিত হৈছিল। জে পি নাড্ডাৰ বুলেট প্ৰুফ বাহনত তৃণমূল কংগ্ৰেছৰ সমৰ্থক সকলে শিল, ইটা দলিয়াই যথেষ্ট ক্ষতি সাধন কৰা বুলি জানিব পৰা গৈছে। তাৰোপৰি  নাড্ডাৰ লগত থকা অন্যান্য বিজেপি নেতা যেনে কৈলাশ বিজয়গৰীয়া,ৰাষ্ট্ৰীয় উপসভাপতি মুকুল ৰয় আৰু অনুপম হাজৰাৰ বাহনটো জনসভা চলোৱা হয়।

আনহাতে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সমগ্ৰ ঘটনাটোক এক ‘নাটক’ বুলি আখ্যা দিয়ে আৰু কয় যে গেৰুৱা দলটোৰ লোকসকলে আগন্তুক বিধান সভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ঘটনা সংঘটিত কৰি ৰাইজৰ সমবেদনা আদায়ৰ চেষ্টা কৰিছে। কলকাতাত বৃহস্পতিবাৰে সন্ধিয়া এখন জনসভাত ভাগ লৈ মমতা বেনাৰ্জীয়ে কয় যে বিজেপি দলৰ একো বিশেষ গঠন মূলক কাম নাই আৰু তেওঁলোকৰ সভাত যেতিয়া ৰাইজ গোট নাখায় ,তেতিয়া তেওঁলোকে নিজৰ কৰ্মীৰ দ্বাৰা এনেধৰণৰ নাটক সংঘটিত  কৰি ৰাইজৰ সমৰ্থন লাভৰ চেষ্টা কৰে। আনহাতে, পশ্চিমবংগৰ ৰাজ্যপালে আজি সংবাদ মাধ্যমৰ আগত কয় যে গণতন্ত্ৰৰ বাবে এইয়া এক অশনি সংকেত কঢ়িয়াই আনিছে। যিকোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সংবিধান মানি চলাটো প্ৰয়োজন আৰু তেওঁ যি দলৰে নহওক সংবিধানৰ নীতি নিয়ম উলংঘন কৰিব নোৱাৰে বুলি ৰাজ্যপাল গৰাকীয়ে মন্তব্য কৰে।

তাৰোপৰি ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতিৰ যথেষ্ট অৱনতি ঘটিছে বুলিও ৰাজ্যপাল গৰাকীয়ে উল্লেখ কৰে। আনহাতে, মমতা বেনাৰ্জীৰ আন এটা অভিযোগ যে বাহিৰৰ লোকসকলে আহিহে পশ্চিম বংগত আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিছে। সেই বিষয়ে ৰাজ্যপাল গৰাকীয়ে কয় যে ভাৰত এখন গণতান্ত্ৰিক দেশ  আৰু যিকোনো ঠাইৰ নাগৰিকে যিকোনো ঠাইত বসবাস কৰিব পাৰে বা যাব পাৰে। এনে ধৰণৰ তৰল  মন্তব্য নকৰিবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীক ৰাজ্যপালজনে অনুৰোধ জনায় ৷ (IANS)