শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / মোডী স্বেচ্ছাচাৰী !

মোডী স্বেচ্ছাচাৰী !

প্ৰণৱ মুখাৰ্জীয়ে বহুত কথাই লিখি থৈ গ’ল

নতুন দিল্লী,১১  ডিচেম্বৰ– সদ্য প্ৰয়াত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে লিখা আৰু মৰণোত্তৰ ভাৱে প্ৰকাশ পোৱা তেওঁৰ আত্মজীৱনীত মনমোহন সিং আৰু নৰেন্দ্ৰ মোডীৰ কাৰ্যকালৰ কিছু তথ্য সন্নিবিষ্ট হৈ আছে। প্ৰণৱ মুখাৰ্জীয়ে তেওঁৰ আত্মজীৱনীত মনমোহন সিঙে তেওঁৰ দ্বিতীয়টো কাৰ্যকালত মিত্ৰজোঁটৰ চৰকাৰ বচাবলৈ যথেষ্ট চেষ্টা কৰিছিল বুলি উল্লেখ কৰাৰ বিপৰীতে নৰেন্দ্ৰ মোডী প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হওঁতে যথেষ্ট স্বেচ্ছাচাৰী আছিল বুলি উল্লেখ কৰিছে। তাৰোপৰি ২০০৪ চনত প্ৰণৱ মুখাৰ্জীক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কংগ্ৰেছ দলে মনোনীত কৰাহেঁতেন ২০১৪ ত কংগ্ৰেছৰ বিপৰ্যয় নহলহেঁতেন বুলি কৰা ধাৰণাকো তেওঁ অগ্রাহ্য কৰে।

উল্লেখযোগ্য যে ৰূপা প্ৰকাশনে প্ৰকাশ কৰা ‘দ্যা  প্ৰেছিডেনচিয়েল ইয়েৰ্ছ ‘ নামৰ এই আত্মজীৱনীখনত প্ৰয়াত ৰাষ্ট্ৰপতি গৰাকীয়ে দুই ভিন্ন দলৰ দুই প্ৰধানমন্ত্ৰীৰ সৈতে পাৰ কৰা কাৰ্যকালৰ কিছু অভিজ্ঞতাৰ বিষয়ে লিখিছে । প্ৰধান মন্ত্ৰীৰ কান্ধত সমগ্ৰ দেশখনৰ যথেষ্ট বোজা থকা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী হ’বলৈ এজন  ব্যক্তি দক্ষ হ’ব লাগে বুলি তেওঁ উল্লেখ কৰিছে। তাৰোপৰি নৰেন্দ্ৰ মোডীৰ বিষয়ে  তেওঁ উল্লেখ কৰি কয় যে নৰেন্দ্ৰ মোডীক তেওঁৰ দ্বিতীয়টো কাৰ্যকালত স্বেচ্ছাচাৰী শাসকৰ ৰূপত দেখা পোৱা যাবনে নে নাযায় সেই কথা সময়েহে কব ! ২০১৪ চনত কংগ্ৰেছৰ বিপৰ্যয়ৰ বিষয়ে উল্লেখ কৰি প্ৰয়াত প্ৰণৱ মুখাৰ্জীয়ে কয় যে তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ পিছত কংগ্ৰেছ দল  নিৰ্বাচনৰ ক্ষেত্ৰত কিছু দুৰ্বল হৈছে বুলি তেওঁ অনুমান কৰিছিল আৰু ছোনিয়া গান্ধীয়ে দলৰ নেতৃত্ব বহন কৰি দলটোক আগুৱাই লৈ যোৱাত ব্যৰ্থ হৈছিল।

তাৰোপৰি ডঃ মনমোহন সিং সংসদত দীর্ঘদিন অনুপস্থিত থকা কাৰ্যই অন্যান্য সাংসদ সকলৰ লগত তেওঁৰ  ব্যক্তিগত যোগাযোগ সম্পূৰ্ণ ভাবে নাইকিয়া কৰি পেলাইছিল বুলিও প্ৰণৱ মুখাৰ্জীয়ে উল্লেখ কৰিছে। তাৰোপৰি ২০১৫ চনত  আমেৰিকাৰ সেই সময়ৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ ভাৰত ভ্ৰমণ বিষয়ে উল্লেখ কৰি প্ৰয়াত মুখাৰ্জীয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বিশেষ ভাবে অনা বাহনতহে  তেওঁ ভাৰত ভ্ৰমণ কৰিব বুলি সেই দেশৰ নিৰাপত্তা বাহিনীয়ে কোৱা কথাটো উল্লেখযোগ্য  ঘটনা আছিল আৰু আমেৰিকাৰ পৰা অনা বিশেষ বাহনখন ওবামাৰ লগত ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীকো একেলগে যাত্ৰা কৰাটো আমেৰিকাৰ চোৰাংচোৱা সংস্থাই বিচাৰিছিল বুলি কৈছিল।কিন্ত অত্যন্ত বিনয়ীভাৱে আমেৰিকাৰ চোৰাংচোৱা সন্থাৰ এনে অনুৰোধ উপেক্ষা কৰি প্ৰণৱ মুখাৰ্জীয়ে আমেৰিকাৰ প্ৰশাসনক জনাইছিল যে যেতিয়া এজন আমেৰিকাৰ ৰাষ্ট্ৰপতি ভাৰতৰ ৰাষ্ট্ৰপতিৰ লগত ভাৰতত ভ্ৰমণ কৰে ,তেওঁ তেতিয়া ভাৰতৰ নিৰাপত্তা ব্যৱস্থাক সম্পূৰ্ণৰূপে ভৰসা কৰিব লাগিব।

উল্লেখযোগ্য যে ২০১২ চনত প্ৰণৱ মুখাৰ্জী ভাৰতৰ ১৩ সংখ্যক  ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পূৰ্বে তেওঁ  ভাৰতৰ দলীয় ৰাজনীতিত কেইবা দশকো অতিবাহিত কৰিছিল আৰু তেওঁৰ এই দীৰ্ঘ ৰাজনৈতিক জীৱনত বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰশংসা তথা সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে নিজৰ ৰাজনৈতিক তথা ব্যক্তিগত জীৱনৰ বিষয়ে উল্লেখ কৰি প্ৰয়াত মুখাৰ্জীয়ে ৰচনা কৰা আত্মজীৱনী খন যথেষ্ট সমাদৃ‍‌ত হ’ব বুলি আশা কৰিব পাৰি ৷ (IANS)